ছিকাগো আন্তৰ্জাতিক বিমানবন্দৰত তিনিমাহ ধৰি আত্মগোপন কৰি গ্ৰেপ্তাৰ এজন ভাৰতীয়…

ছিকাগো আন্তৰ্জাতিক বিমানবন্দৰত তিনিমাহ ধৰি আত্মগোপন কৰি গ্ৰেপ্তাৰ এজন ভাৰতীয়…

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰীৰ বাবে বিমানযাত্ৰা কৰাৰ পৰা বিৰত থাকি ছিকাগো আন্তৰ্জাতিক বিমানবন্দৰৰ এক সুৰক্ষিত ঠাইত প্ৰায় তিনিমাহ ধৰি ধৰি বাস কৰিলে এজন ভাৰতীয় মূলৰ লোকে। সম্প্ৰতি ছিকাগো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।

দেওবাৰে ছিকাগোৰ এখন দেশীয় বাতৰি কাকতত ওলোৱা খবৰ অনুসৰি ৩৬ বছৰীয়া আদিত্য সিঙ নামৰ ভাৰতীয় মূলৰ ব্যক্তিজন কেলিফৰ্ণিয়াৰ এনজিলিছ ওপনগৰৰ বাসিন্দা। তেওঁক ছিকাগোৰ ঔহাৰো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ এক সুৰক্ষিত ঠাইত বিনা অনুমতিত বাস কৰাৰ অপৰাধত শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি আদিত্য সিঙৰ ওপৰত অপৰাধীৰ দৰে সোমোৱা আৰু চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in