উৰিয়ামঘাটত আছুৰ উদ্যোগত শিল্পী দিৱসৰ বিশাল আয়োজন

উৰিয়ামঘাটত আছুৰ উদ্যোগত শিল্পী দিৱসৰ বিশাল আয়োজন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ শিঙিমাৰী বিলগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত চিলনীজান শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত শিল্পী দিৱস বিস্তৃত কাৰ্যসূচীৰে অহা ১৮, ১৯ আৰু ২০ জানুৱাৰীত আয়োজন কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৬৮ সংখ্যক মৃত্যু দিৱসৰ সংগতি ৰাখি উদ্যোক্তা সকলে কবিতা আবৃত্তি, বক্তৃতা, ৰচনা, চিত্ৰাংকন, সৃষ্টিশীল আধুনিক নৃত্যু, জ্যোতি সংগীত, কুইজ, দিহানাম আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। লগতে ভোগালীৰ পৰিৱেশ হোৱা হেতুকে আয়োজন কৰা হৈছে চকী খেল আৰু টেকেলী ভঙা প্ৰতিযোগিতাৰো।

আনহাতে, এই দিৱসৰ কাৰ্যসূচীতে সুধাকন্ঠ,গণশিল্পী ড০ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই। ২০ জানুৱাৰীত আয়োজন কৰা মুকলি সভাত অংশগ্ৰহণ কৰিব বিশিষ্ট বুদ্ধিজীৱি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে উদ্বোধন কৰিবলগীয়া মুকলি সভা পৰিচালনা কৰিব সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী সিদ্ধেশ্বৰ শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in