লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই…

লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে দেশৰ ৰাজনৈতিক দলসমূহ। লগতে দেখা গৈছে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে যোগ দিছে ৰাজনৈতিক দলসমূহত। ঠিক একেদৰে বলিউদৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকৰেও ৰাজনীতিৰ ক্ষেত্ৰত ভৰি দিয়াৰ সম্ভাৱনা প্ৰকট হৈছে।

এক সূত্ৰ অনুসৰি আগন্তুক দুই-এদিনৰ ভিতৰত কংগ্ৰেছত যোগ দিব অভিনেত্ৰীগৰাকীয়ে। চৰ্চা হৈছে যে, উৰ্মিলাক কংগ্ৰেছে উত্তৰ মুম্বাই লোকসভা সমষ্টিত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব পাৰে। এই লোকসভা সমষ্টিটোত বিজেপিয়ে গোপাল ছেট্টীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে গোপাল ছেট্টীৰ বিৰুদ্ধে এই মোহময়ী অভিনেত্ৰীগৰাকীক নিৰ্বাচনী যুঁজত নমাব পাৰে।

২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ মুম্বাইৰ মাৰাঠী অভিনেত্ৰী আশাৱৰী যোশী আৰু শিল্পা ছেণ্ডীয়েও কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে। কিন্তু বৰ্তমানলৈ দলে কাক টিকট দিব সেই কথা ঘোষণা কৰা নাই। উল্লেখ্য যে, ২০১৪ৰ লোকসভা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা কংগ্ৰছে সঞ্জন নিৰূপমক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু বিজেপিৰ প্ৰাৰ্থী গোপাল ছেট্টী সেই বছৰ নিৰ্বাচনত জয়ী হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in