জীৱনৰ প্ৰতি ভাবুকি! কংগ্ৰেছৰ ৰেলীৰ পাছতে সুৰক্ষা বৃদ্ধিৰ দাবী অভিনেত্ৰী উৰ্মিলাৰ…

জীৱনৰ প্ৰতি ভাবুকি! কংগ্ৰেছৰ ৰেলীৰ পাছতে সুৰক্ষা বৃদ্ধিৰ দাবী অভিনেত্ৰী উৰ্মিলাৰ…

ডিজিটেল ডেস্কঃ অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে মুম্বাই আৰক্ষীক অধিক সুৰক্ষা ব্যৱস্থাৰ বাবে দাবী জনায়। বোৰীৱালী ষ্টেচনত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত সংঘৰ্ষৰ পাছত জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা বুলি দাবী কৰিছে মাতোণ্ডকাৰে। উৰ্মিলা মাতোণ্ডকাৰ ২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ মুম্বাই সংসদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

প্ৰাপ্ত খবৰ অনুসৰি, সংঘৰ্ষস্থলীত উপস্থিত এজন প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত কয় যে, বিজেপি কৰ্মীসকলে বোৰীৱালী ৰেল ষ্টেচনৰ বাহিৰত কংগ্ৰেছ কৰ্মীক দেখাৰ পাছতেই 'মোডী মোডী' শ্ল'গান দিবলৈ আৰম্ভ কৰিছিল। এই সংসদীয় সমষ্টিটোত বিজেপিয়ে গোপাল ছেট্টীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

আনহাতে উৰ্মিলা মাতোণ্ডকাৰে সাংবাদিকৰ আগত কয় যে, বিজেপিৰ একাংশ কৰ্মকৰ্তা কংগ্ৰেছৰ ৰেলীৰ মাজত সোমাই গৈছিল আৰু তাৰপাছতেই তেওঁ নিজৰ সুৰক্ষা বৃদ্ধিৰ বাবে আৰক্ষীক জনাইছিল। লগতে শাসকীয় দলটো কৰ্মকৰ্তাসকলে নিৰ্বাচন বিধি এনেদৰে উলংঘা কৰাত তেওঁ আচৰিত হোৱা বুলি জনায়।

সাংবাদিকৰ আগত উৰ্মিলা মাতোণ্ডকাৰে কয়- 'এয়া কেৱল আৰম্ভণিহে। এনে ধৰণৰ সংঘৰ্ষই আৰু অধিক হিংসাত্মক ৰূপ ল'ব পাৰে। মই আৰক্ষীক সুৰক্ষা বৃদ্ধি কৰাৰ বাবে কৈছো। কাৰণ ইয়াৰ দ্বাৰা মোৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in