উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক…

উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত পিষ্টলসহ এজন আটক কৰিলৈ সক্ষম হয় উৰিয়ামঘাট আৰক্ষীয়ে। উৰিয়ামঘাট থানাৰ অন্তৰ্গত ফৰেষ্ট তিনি আলিত নাকা চেকিন চলি থকা সময়ত উৰিয়ামঘাট বজাৰৰ দিশত আহি থকা NL 01E 2161 মটৰ চাইকেলখনৰ আৰোহীজনে নাকা চেকিন চলি থকা প্ৰত্যক্ষ কৰি হঠাৎ ওলতি যাবলৈ লোৱাত আৰক্ষী দলটোৱে পত্যক্ষ কৰে।

লোকজনক জোনাকীপথাৰ পথত লগ কৰি তালাচী কৰাত লোকজনৰ পৰা চিনত নিৰ্মিত এটা 1.32 পিষ্টল,এটা সক্ৰীয় ammunition, এটা মেগজিনসহ দুটা মবাইল জব্দ কৰে। আটক কৰা লোকজনৰ ঘৰ উৰিয়ামঘাট মুগাপাৰা গাঁওৰ নগেন খাকলাৰী বুলি জানিব পৰা গৈছে।

আটক কৰা লোকজনৰ পৰা চিনত নিৰ্মিত 1.32 পিষ্টলসহ এটা মেগজিন, এটা 7.65 mm সক্ৰীয় ammunition সহ দুটা মবাইল জব্দ কৰে । উল্লেখ্যযে লোকজন প্ৰাক্তন বি. এল.টি. কেডাৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে উৰিয়ামঘাট আৰক্ষীয়ে 12/2020 u/s 25 (1B) নম্বৰৰ ধাৰাত গোছৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in