মটৰ পাম্প চুৰি কৰাৰ সন্দেহত ৩কিশোৰক নিৰ্যাতন চি আৰ পি এফ জোৱানৰ, লাচিত সেনাৰ সহায়ৰ হাত…

মটৰ পাম্প চুৰি কৰাৰ সন্দেহত ৩কিশোৰক নিৰ্যাতন চি আৰ পি এফ জোৱানৰ, লাচিত সেনাৰ সহায়ৰ হাত…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটস্থ ১৪২ নং চি. আৰ.পি. এফ জোৱানে উৰিয়ামঘাটৰ তিনিজন কিশোৰক পানী উঠোৱা মটৰ পাম্প চুৰি কৰাৰ সন্দেহত অমানুষিক নিৰ্যাতন চলোৱাত শৰ্যাগত হৈ আছিল।তিনিজনৰ ভিতৰত জান গগৈ নামৰ কিশোৰজনৰ অৱস্থা অতি গুৰুতৰ।কিশোৰজন দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে ।

ধনশিৰি মহকুমাৰ বীৰ লাচিত সেনাই আজি ঘটনাৰ সন্দৰ্ভত গুৰুত্বৰ ভাৱে আহত কিশোৰ জনৰ ঘৰলৈ গৈ স্বাস্থ্যৰ খবৰ লয় আৰু চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে।উল্লেখ্যযে ঘটনাৰ সন্দৰ্ভত ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া এিনয়ণ ভূঁঞাআৰু উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ বাৰিকে চি.আৰ.পি. এফৰ কেম্পলৈ গৈ ঘটনাৰ বুজ লৈ তদন্ত অব্যাহত ৰখাৰ লগতে ২৪/২১ নংত গোছৰ পঞ্জীয়ন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in