উৰিয়ামঘাটত সজাগতা সভা…

উৰিয়ামঘাটত সজাগতা সভা…


ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম -নগালেণ্ড সীমান্ত উৰিয়ামঘাটত বৃহস্পতিবাৰে মেলেৰিয়া, ডেংগু,জাপানীজ এনকেফেলাইটিছ ৰোগৰ সজাগতা সভা সম্পন্ন হয়।কিছুদিনৰ পূৰ্বে অঞ্চলটোত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতী আৰু এটি শিশু মৃত্যু হোৱাত অঞ্চলটোৰ ৰাইজ আতমকত দিন কটাবলগীয়া হৈছে।

অঞ্চলটোত এনে পৰিস্থিতিৰ মাজতে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নৱজ্যোতি মাজগাঁওত এক সজাগতা সভা সম্পন্ন হয়। উক্ত সজাগতা সভাত সৰুপথাৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ মেলেৰিয়া বিভাগৰ পৰিদৰ্শক বদনচন্দ্ৰ শৰ্মা, এম. পি. ডব্লিউ যোগল শইকীয়া আৰু বিদ্যুৎ শইকীয়া,উপ-পৰিদৰ্শ হৰেশ্বৰ শৰ্মা উপস্থিত থাকে।

শৰ্মাদেৱে উক্ত ৰোগসমূহৰ নিৰাময়ৰ উপায়সমূহ বিশদভাৱে বৰ্ণনা কৰে।এই জ্বৰ বিধে আক্ৰান্ত গৰাকীকমানসিক অৱস্থাক প্ৰভাম্বিত কৰে।উল্লেখ্যযে বিশেষকৈ কৃৰ্ষিপ্ৰধান লোকসকলে গাহৰি আৰু গাহৰি গড়াঁলসমূহ মানুহৰবসতিৰ পৰা আতৰত আৰু সম্ভৱপৰ হলে গঁড়ালটো আঁঠুৱাৰে আৱৰি পেলোৱা আৰু সন্ধ্যাবেলা ধূনা দিয়াৰ ব্যৱস্থা উপায় অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে ।

উল্লেখ্যযে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সন্তোষ গগৈয়ে আঁত ধৰা অনষ্ঠানত ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক সুভাষ শইকীয়া,উপ-সভাপতি ৰুহিনী গগৈ উপস্থিত থাকে।সভাৰ অন্তত অঞ্চলটোৰ ৰাইজে লৈ অনা আঠুৱাসমূহ ঔষধিকৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in