উৰিয়ামঘাট আৰ্দশ চিকিৎসালয় উদ্ধোধন কৰিলে মন্ত্ৰী পিয়ুষ হাজৰীকাই….

উৰিয়ামঘাট আৰ্দশ চিকিৎসালয় উদ্ধোধন কৰিলে মন্ত্ৰী পিয়ুষ হাজৰীকাই….

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ বৃহস্পতিবাৰে উদ্ধোধন হল উৰিয়ামঘাট আৰ্দশ চিকিৎসালয়। উদ্ধোধন কৰিলে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰীকাই।বহু দিনীয়া সমস্যাৰ অন্ত পৰিল উৰিয়ামঘাটবাসীৰ।চিকিৎসাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰায় সত্তৰ কিলো মিটাৰ বাট অতিক্ৰম কৰি গোলাঘাটলৈ।আজিৰ পৰা সেই সমস্যাৰ অন্ত পৰিল অঞ্চলবাসীৰ।বহু অাশা পত্যাশাৰ অন্তত উৰিয়ামঘাট অাদৰ্শ চিকিৎসালয় উদ্ধোধন কৰিলে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰীকাই।

চিকিৎসালয়খনৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ যুটীয়া সচিৱ,সৰুপথাৰ সমষ্টিৰ বিধায়ীকা ৰ'জলিনা তিৰ্কী, অসম চৰকাৰৰ পাক্তন মন্ত্ৰী বিনোদ গোৱলা, বিশ্বজিৎ ফুকনকে ধৰি বহু সংখ্যক গন্যমান্য ব্যক্তী।উল্লেখ্য যে চিকিৎসালয়খন উদ্ধোধন কৰি অসমৰ ৪৩ সংখ্যক অাৰ্দশ চিকিৎসালয় অাৰু অঞ্চলটোৰ ৰাইজ যথেষ্ঠ উপকৃত হব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in