আহোম সম্প্ৰদায়ক বহিৰাগত বিদেশী আখ্যা দিয়াক লৈ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ… VIDEO

আহোম সম্প্ৰদায়ক বহিৰাগত বিদেশী আখ্যা দিয়াক লৈ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ… VIDEO

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সৰুপথাৰৰত টাই আহোম ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। বিধায়ক আমিনুল ইছলামে আহোম সম্প্ৰদায়ক বহিৰাগত বিদেশী আখ্যা দিয়াৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰে টাই আহোম ছাত্র সন্থাই।

বিধায়কজনৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টাই আহোম ছাত্র সন্থাই কয় যে- 'বাংলাদেশী বিধায়ক আমিনুল ইছলামে অসমৰ ইতিহাস নাজানে, যি আহোমে ৬০০ বছৰৰ ৰাজত্ব কৰিছিল, যি আহোম সম্প্ৰদায়ে বৰ অসমৰ বুনিয়াদ গঢ়িছিল, সেই আহোম সম্প্ৰদায়ক বিদেশী আখ্যা দি চৰম অপমান কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

তদুপৰি আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰক, আমিনুল ইছলাম হুচিয়াৰ, বাংলাদেশী বিধায়ক আমিনুল ইছলাম গ' বেক, এ আই ইউ ডি এফক নিষিদ্ধ কৰক ইত্যাদি বিভিন্ন শ্লোগানেৰে সৰুপথাৰ নগৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্র সন্থাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in