উৰিয়ামঘাটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

উৰিয়ামঘাটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদমুখৰ হৈ থকাৰ সমান্তৰালভাৱে ধনশিৰি মহকুমাৰ উৰিয়ামঘাটটো উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সৰ্বানন্দ সোনোৱাল হায়-হায় অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিয়ে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে নাগিৰকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৰা আন্দোলনত ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাটৰ কাৰ্যালয় নষ্ট কৰাৰ অভিযোগত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰাসহ তিনিজন লোকক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেলত ৰখাৰ প্ৰতিবাদত আৰু আটাইকেইজনকে শীঘ্ৰে মুকলি কৰাৰ দাবীত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in