দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পেলাই উৰিয়ামঘাটত আৰ্দশ চিকিৎসালয় উদ্বোধন

দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পেলাই উৰিয়ামঘাটত আৰ্দশ চিকিৎসালয় উদ্বোধন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ অন্তত বৃহস্পতিবাৰে উদ্বোধন হ'ল উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ। উৰিয়ামঘাটবাসীৰ বহু দিনীয়া সমস্যাৰ ওৰ পেলাই বৃহস্পতিবাৰে চিকিৎসালয়খনিৰ উদ্বোধন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই।

উল্লেখ্য যে, উৰিয়ামঘাটত এখন চিকিৎসালয়ৰ অভাৱত স্থানীয় ৰাইজে প্ৰায় ৭০ কিলোমিটাৰ বাট অতিক্ৰম কৰি গোলাঘাটলৈ চিকিৎসাৰ বাবে যাব লগাত পৰিছিল। যাৰ বাবে নকৈ নিৰ্মাণ কৰা উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খন বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে।

বৃহস্পতিবাৰে অনুষ্ঠিত চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ যুটীয়া সচিব, সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলিনা তিৰ্কী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা, বিশ্বজিৎ ফুকনকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in