ৰৌতা সত্ৰৰ লগতে ওৰাঙৰ ভিন্ন অঞ্চলৰ সত্ৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী পালন…

ৰৌতা সত্ৰৰ লগতে ওৰাঙৰ ভিন্ন অঞ্চলৰ সত্ৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী পালন…

ডিজিটেল সংবাদ,ওৰাংঃ আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ সংখ্যক জন্মজয়ন্তী। সমগ্ৰ ৰাজ্যৰ লগতে ওৰাঙৰ ৰৌতা সত্ৰটো মহাপুৰুষজনাৰ জন্মজয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে।

ফটো- যতীন ডেকা

এই কাৰ্যসূচীৰে লগত সংগতি ৰাখি পুৱা সত্ৰৰ প্ৰাঙ্গণৰ পৰা এক ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তিনিদিন ধৰি চলিব নাম প্ৰসঙ্গ । আজিৰ পৰাই ভকত বৈষ্ণবৰ লগতে পুৰুষ মহিলা শিশু সকলোৱে সমবেত হৈ একেমুখে গুৰুজনাৰ অমৰ সৃষ্টিৰাজি হৰি নামেৰে মুখৰিত কৰিছে ৰৌতা সত্ৰৰ সমগ্ৰ পৰিবেশ।

ফটো- যতীন ডেকা

হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে ৰৌতা সত্ৰৰ লগতে ওৰাঙৰ গেলাবিল সত্ৰ আৰু নামঘৰ সমূহতো। ইয়াৰ মাজতে ৰৌতা সত্ৰৰ ভাগৱত শোভাযাত্ৰাত দেখা পোৱা গৈছে প্লাষ্টিক বৰ্জন কৰিবলৈ হাতে হাতে প্লে কাৰ্ড লোৱাৰ দূশ্য ।

পুৱাৰ ভাগত যদিও বৰষুণে বিভিন্ন কাৰ্যসূচীৰ বিধি পথালি দিছিল কিন্তু প্ৰতিকুল বতৰকো নেওচি গুৰুজনাৰ সৃষ্টিৰাজীৰ আলোকপাত কৰিছে ৰৌতা সত্ৰত।

ইফালে ওৰাঙৰ চুতীয়া পাৰা নামঘৰটো দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হৈছে গুৰুজনাৰ জন্মজয়ন্তী । জন্মজয়ন্তীৰ লগত সংগতি ৰাখি উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in