ওৰাঙৰ চিলংখুটিত ৰৌতা নদীৰ কালৰূপী খহনীয়া, নদীৰ বুকুত জাহ গ’ল শ শ বিঘা কৃষি ভূমি

ওৰাঙৰ চিলংখুটিত ৰৌতা নদীৰ কালৰূপী খহনীয়া, নদীৰ বুকুত জাহ গ’ল শ শ বিঘা কৃষি ভূমি


ডিজিটেল সংবাদ,ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাঙৰ চিলংখুটি গাঁৱত গৰাখহনীয়াই দুৰ্ভোগ ভুগাইছে গাঁওখনৰ কৃষিজীৱি ৰাইজক। ৰৌতা নদীৰ বুকুত ইতিমধ্যেই জাহ গৈছে শ শ বিঘা কৃষি ভূমি। ইয়াৰ পিছতো গুৰুত্ব নাই বিয়াগোম জলসম্পদ আৰু কৃষি বিভাগৰ। উপায়ান্তৰ হৈ নিজৰ ঘৰ দুৱাৰ নৈৰ গৰা খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত চৰকাৰৰ ওচৰত এতিয়া ৰাইজৰ কাতৰ অনুৰোধ শ্ৰীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ ‌কৰক। অন্যথা আমাক ভূমি প্ৰদান কৰক।

এই দৃশ্য ওদালগুৰি জিলাৰ ওৰাঙৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলংখুটি গাঁৱৰ। এনেদৰেই এতিয়া শ শ বিঘা কৃষি ভূমি ৰৌতা নদীৰ কালৰূপি খহনীয়াত জাহ গৈছে। কৃষি ভূমিৰ লগতে সমগ্ৰ চিলংখুটি গাঁওখন ৰৌতা নদীৰ মাজত বিলীন হোৱাৰ উপক্ৰম ‌হৈছে। এনেদৰেই চপৰা চপৰে খহাৰ ফলত চৰম শংকাত ভুগিছে চিলংখুটি গাৱঁৰ ৰাইজে।

যেনেতেনে গাঁওবাসীয়ে বাঁহৰ বেৰ দিয়ে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও পুনৰ এবাৰ বানপানী আহিলেই নদীৰ বুকুত গাঁওখন জাহ যোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে। ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে তাৎক্ষণিকভাবে খহনীয়া প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণৰ পৰিবৰ্তে কেৱল ২০ হাজাৰ টকা গাওঁবাসীক প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে। ইয়াৰ পৰৱৰ্তী সময়ত ৰাইজে বিভাগীয় কৰ্ত্তৃপক্ষক খবৰ দিয়াৰ পাছতো কিন্তু এতিয়ালৈকে বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ৰাইজৰ এনে দুৰ্ভোগৰ সময়ত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা দূৰৰ কথা, খবৰ এটাও লবলৈ এতিয়া আহৰি নাই প্ৰশাসন কিম্বা জনপ্ৰতিনিধিৰ। উপায়হীন হৈ ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি ঘৰে ঘৰে চান্দা তুলি বাহ কিনি একমাত্ৰ বাঁহেৰেই বান্ধ বান্ধিছে। এই বাঁহৰ বান্ধেই ৰাইজৰ এতিয়া আশ্বাস আৰু বিশ্বাস যাতে খহনীয়াই উটুৱাই নিনিয়ে নিজৰ খেতি-মাটি আৰু আপোন ঘৰখন।

চিলংখুটি গাৱঁৰ ৰাইজৰ বহুতৰে খেতি মাটি এতিয়াও ৰৌতা নদীৰ বুকুত। কেইবাটাও পৰিয়ালৰ ৫০, ৩০, ২০‌ আৰু ১৮ বিঘাকৈ খেতি মাটি ৰৌতা নদীৰ খহনীয়াত জাহ গৈছে ইতিমধ্যেই। ইয়াৰ পিছতো কিন্তু বিভাগে কোনো পদক্ষেপ গ্ৰহণ ‌নকৰাৰ অভিযোগ ৰাইজৰ। বিগত বৰ্ষতে ২৫ এটা পৰিয়ালে ৰৌতা নদীৰ খহনীয়াত হেৰুৱাব লগা হৈছে নিজৰ আপোন ঘৰ আৰু মাটি ভেটি। চৰকাৰে ঘোষণা কৰা ক্ষতি পুৰণটো দূৰৰে কথা, আনকি আজিও খহনীয়াৰ খবৰ লবলৈ মাজবাট ৰাজহ চক্ৰৰ কোনো কৰ্মচাৰী যোৱা নাই অঞ্চলটোলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in