পুনৰ জনজাতিকৰণৰ জুইঃ ওৰাঙত কোঁচ ৰাজবংশী যুৱ সন্মিলনীৰ উত্তাল প্ৰতিবাদ

পুনৰ জনজাতিকৰণৰ জুইঃ ওৰাঙত কোঁচ ৰাজবংশী যুৱ সন্মিলনীৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ ,ওৰাংঃ ৰাজ্যত পুনৰ আৰম্ভ হল জনজাতি কৰণত আন্দোলন । শনিবাৰে সন্ধিয়া ওৰাঙত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী,আক্ৰাছু, কোচ ৰাজবংশী সন্মিলনীৰ, কোচ ৰাজবংশী মহিলা সন্মিলনীৰ উত্তাল প্ৰতিবাদ ।ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সাব্যস্ত কৰে এই প্ৰতিবাদ।

কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুন্ডাই কৰা বিৰুপ মন্তব্য ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অৰ্জুন মুন্ডাৰ প্ৰতিমূৰ্তি দাহ কৰে । ওৰাং চহৰ উত্তাল কৰি তোলে ।

ওৰাং চাৰিআলিৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিমূৰ্তি দাহ কৰি অৰ্জুন মুন্ডা মুৰ্দাবাদ, বি জে পি চৰকাৰ হায় হায়, জনজাতি কৰণৰ নামত ৰাজনীতি নচলিব আদি ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই।

অতি শীঘ্ৰে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিবলৈ আহ্বান জনাই সংগঠন কেইটাই। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in