ওৰাঙত ইৰাণী গেঙৰ দুই চোৰ গ্ৰেপ্তাৰ…

ওৰাঙত ইৰাণী গেঙৰ দুই চোৰ গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ ,ওৰাংঃ ৰাজ্যত ক্ৰমাৎ পিয়াপি দি ফুৰিছে ইৰাণী চোৰৰ গেং । অম্বুবাচী মেলাৰ প্ৰাক্ ক্ষণত বুধবাৰে নিশা ওৰাঙত দুই ইৰাণী চোৰ গ্ৰেপ্তাৰ কৰে ওৰাং আৰক্ষীয়ে । ওৰাং আৰু মাজবাটত বুধবাৰে দিনৰ ভাগত তিনি খনকৈ ব্যবসায়ীক প্ৰতিষ্ঠানৰ পৰা নগদ ধন আৰু সোণ ৰূপৰ আ- অলংকাৰ চোৰ কৰে ইৰাণী চোৰৰ গেংটোৱে ।

জানিব পৰা মতে প্ৰথমে চোৰৰ দলটোৱে ব্যবসায়ীক প্ৰতিষ্ঠানত বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰে । পাছত দোকানী দোকানৰ ভিতৰত সামগ্ৰী বিছাৰি ব্যস্ত থকা অৱস্থাত দোকানৰ টকা লৈ পলাই যাই। বুধবাৰে ওৰাঙৰ হাবিগাওঁত প্ৰথমে চোৰৰ দলটোৱে এখন ঔষধৰ দোকানত ঔষধ কিনিবৰ বাবে সোমাই আৰু মুঠ দুশ টকাৰ ঔষধ কিনে আৰু দোকানী গৰাকীক দুহেজাৰ টকীয়া নোট প্ৰদান কৰে ।

দোকানী গৰাকীয়ে দুহেজাৰ টকাৰ খুচুৰা দিয়ে লগে লগে চোৰৰ দলটোৱে দোকানী গৰাকীৰ দুহেজাৰ টকাৰ খুচুৰা আৰু খুচুৰা কৰিবলৈ দিয়া দুহেজাৰ টকীয়া নোটখনৰ সৈতে মুঠ ৩৬ শ টকা লৈ পলাই যাই। অৱশেষত খেদি খেদি ৰাইজৰ সহযোগত ওৰাং আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰৰ দলটোক । চোৰ কেইটাৰ পৰা আৰক্ষীয়ে নগদ ধন,সোণ ৰূপৰ অলংকাৰ লগতে চোৰ কেইটাই ব্যবহাৰ কৰা এখন মটৰ চাইকেল উদ্ধাৰ কৰে । মটৰ চাইকেল খনৰ নম্বৰ বি আৰ ০৯ এল ৩৭৫৬।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in