২০২১ৰ বিধানসভা নিৰ্বাচনঃ ১০০+ মিচনৰ লক্ষ্যৰে বিজেপিৰ জনসম্পৰ্ক অভিযান…

২০২১ৰ বিধানসভা নিৰ্বাচনঃ ১০০+ মিচনৰ লক্ষ্যৰে বিজেপিৰ জনসম্পৰ্ক অভিযান…

ডিজিটেল সংবাদ,ওৰাং: মিচন ১০০+ জনসম্পৰ্কৰক্ষী অভিযানৰ জৰিয়তে বিটিচি এলেকাত একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিল শাসকীয় দল বিজেপি। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে অনিশ্চয়তাৰ মাজত ওলমি আছে বিটিচিৰ পৰিষদীয় নিৰ্বাচন। তাৰ মাজতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলে বিভিন্ন ধৰণে নিৰ্বাচনী কুজকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ জনসম্পৰ্কৰক্ষী অভিযানৰ অংশীদাৰ হৈ ওৰাঙত মঙলবাৰে উপস্থিত হয় বিজেপি দলৰ নেতা তথা ৰাজ্যিক বিত্ত নিগমৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা ।

৭০ নং মাজবাট বিধান সভাৰ সমষ্টিৰ দায়িত্ব লাভ কৰি বিজয় গুপ্তাই বৰষুণৰ মাজতে বিটিচি পৰিষদৰ ৪০ নং ৰৌতা সমষ্টিত প্ৰথমে জনসম্পৰ্ক অভিযান আৰম্ভ কৰে। অসম চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তি আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় বৰ্ষৰ আৰম্ভণি প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাইজৰ উদ্দেশ্যে লিখা পত্ৰ লৈ সম্পূৰ্ণ সামাজিক দুৰত্ব মানি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি গাঁৱে ভুঁঞে প্ৰতিজন লোকৰ ঘৰত গৈ বিজেপি দলীয় নেতা কৰ্মী সকলে এই জনসম্পৰ্কৰক্ষী অভিযান চলায় ।

বিশ্ব জুৰা মহামাৰী কোৰোনা ভাইৰাছৰ বাবে বৰ্তমান অনিশ্চয়তাত আছে বিটিচি পৰিষদীয় নিৰ্বাচন। সমান্তৰালকৈ বিপিএফক উফৰাই বিটিচি পৰিষদ দখলৰ লক্ষ্যৰে নিৰ্বাচনী কুচকাৱাজ আৰাম্ভ কৰিছে বিজেপি দলে। অসমৰ ৬ খন পৰিষদ বিজেপি জলৰ দখলত থকাৰ পিছত এইবাৰ লক্ষ্য বিটিচি পৰিষদ। এইবাৰ বিটিচি পৰিষদ গঠন কৰিব বিজেপি দলে। বি পি এফ আৰু ইউ পি পি এলৰ লগত কোনো সম্পৰ্ক নাই, একক ভাৱে বিটিচি পৰিষদত চৰকাৰ গঠন কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে বিজয় গুপ্তাই।

শেহতীয়াকৈ বি পি এফৰ একাংশ নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰিব বুলি প্ৰকাশ হোৱাৰ পিছত হাগ্ৰামা মহিলাৰিও বিটিচি পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বিজয় গুপ্তাই । বিজয় গুপ্তাক জন সম্পৰ্ক অভিযানত সংগ দিয়ে ৰাজ্যিক বিজেপিৰ চাহ মৰ্চাৰ সাধাৰণ সম্পাদক জিতু কিষান, ৪০ নং ৰৌতা বিটিচি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কষ্টৰাম বাগলাৰী, ৰৌতা মণ্ডল বিজেপিৰ সভাপতি ৰবিন দৈমাৰী আৰু ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক সমৰ হাজৰিকাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in