ওৰাঙত আছাৰ ১২ঘন্টিয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ওৰাঙত আছাৰ ১২ঘন্টিয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ডিজিটেল সংবাদ, ওৰাংঃ অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতি কৰণৰ দাবীত সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ই আহ্বান জনোৱা ১২ ঘন্টিয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ওৰাং, ৰৌতা আৰু মাজবাটত।

বন্ধৰ সময়ছোৱাত চহৰ কেইখনৰ সকলো চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু সকলো ধৰনৰ যান বাহনৰ চলাচল বন্ধ আছে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুই এখন ব্যক্তিগত যান-বাহনৰ বাদে গধুৰ যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ থাকে।

বন্ধৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ দ্বাৰা সম্ভাৱ্য স্থান সমূহত কঠোৰ নিৰাপত্তা গঢ়ি তোলা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in