বন্ধুৰ বিয়ালৈ বুলি গৈ উভতি নাহিল তেজপুৰৰ ৮ যুৱক…

বন্ধুৰ বিয়ালৈ বুলি গৈ উভতি নাহিল তেজপুৰৰ ৮ যুৱক…

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় আঠ জনকৈ লোক৷ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে বিয়াখাই উভতি গৈ থকাৰ পথত Ertiga গাড়ীখনে ওৰাঙৰ গেলাবিলত ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনাটো।

বন্ধুৰ বিয়ালৈ বুলি এনেকৈয়ে গৈছিল ৮ বন্ধু

Ertiga গাড়ীৰ ভিতৰতে আবদ্ব হৈ আছিল থিতাতে নিহত আঠ জনকৈ লোক। দুৰ্ঘটনা সংঘটিত হোৱা Ertiga খনৰ নম্বৰ AS 12 V 9333. আনহাতে ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS 12B 2022৷ নিশা ২,৩০ বজাত সংঘটিত হৈছিল এই শোকাৱহ পথ দুৰ্ঘটনাটো। উল্লেখযোগ্য যে নিশা ওৰাঙৰত পৃথকে পৃথকে দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছিল।

ওৰাঙৰ নিছিলামাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হোৱাত দুঘন্টা যান বাহন আৱদ্ধ হোৱাৰ পাছত ৰৈ থকা ট্ৰাকত পিছ ফালে প্ৰচণ্ড জুৰেৰে খুন্দা মাৰে Ertiga গাড়ীখনে ৷ পিছত ওৰাং আৰক্ষীয়ে গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থকা আঠোতা মৃতদেহ সহ থানালৈ দুৰ্ঘটনাগ্ৰস্থ Ertiga গাড়ীৰ দৰ্জা ভাঙি মৃত দেহ কেইটা উলিওৱাৰ ব্যৱস্থা কৰে৷


দুৰ্ঘটনাগ্ৰস্থ Ertiga গাড়ীখন

দুৰ্ঘটনাত মৃত বক্তি কেইজন দৰাৰ বন্ধু বুলি জানিবলৈ পৰা গৈছে । তেজপুৰৰ কে এফৰ কৰ্মচাৰী আছিল দৰাৰ বন্ধু কেইজন। ওৰাং আৰক্ষীয়ে পৰিয়ালৰ লোকৰ উপস্থিতিত নিহত ব্যক্তি কেইজনক চিনাক্ত কৰন কৰা হৈছে৷ মৃত বক্তি কেইজন হৈছে

দীপক মেচ, তেজপুৰৰৰ বি পি তিনিআলি।

দিগন্ত শইকীয়া, তেজপুৰৰ মাজগাঁও।

পাৰ্থ কুৰী, তেজৰুৰৰ নতুনপাৰা।

নয়ন দাস, তেজপুৰৰ দেউৰীগাঁও।

পিংকু বৰা, তেজপুৰৰ মিলনপুৰ।

কমল দেৱনাথ, তেজপুৰৰ পৰুৱা।

সুশীল শৰ্মা, ঠেঙালমৰাৰ কাৱৈমাৰী।

ৰঞ্জিত ডেকা, ঠেঙালমাৰা।

ইয়াৰে পিংকু বৰা নামৰ লোকজন তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক বুলি জানিব পৰা গৈছে । আটাই কেইটা মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

আনহাতে পৃথকে পৃথকে ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় সংঘটিত হয় দুটা পৃথক পথ দুৰ্ঘটনা । ওৰাঙৰ নিচিলামাৰিটো নিশা ১১,৩০ বজাত সংঘটিত হৈছিল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন পাচলিৰ গাড়ী আৰু ট্ৰাকৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ । আৰু এই দুৰ্ঘটনাত নিহত এজন লোক।

নিহত লোক জনক পাচলিৰ গাড়ী খনৰ চালক বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ পাছতে দুঘন্টা ধৰি যান বাহনৰ চলাচল বন্ধ হৈ পৰিছিল । এই শোকাৱহ পথ দুৰ্ঘটনাক লৈ সমগ্ৰ ওৰাং অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in