ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১ জন

ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১ জন

ডিজিটেল সংবাদ ,ওৰাংঃ ওৰাং আৰক্ষী থানা অন্তৰ্গত বগৰীবাৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰু বাহনে মহটিয়াই নিলে চাইকেল আৰোহীক । থিতাতে নিহত হয় চাইকেল আৰোহীজন । দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিজনৰ নাম কুলিন মাহাতু বুলি চিনাক্ত হৈছে । নিহত কুলিন মাহাতুৰ ঘৰ ওৰাঙৰ ভোগদলত । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখনে । নিহত কুলিন মাহাতুয়ে ওৰাং সাপ্তাহিক বজাৰত বজাৰ কৰাৰ বাবে ওলাই গৈছিল ঘৰৰ পৰা । দুৰ্ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in