হাগ্ৰামাৰ দলক লুণ্ঠনকাৰীৰ দল আখ্যা ইউপিপিএলৰ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, শালবাৰীঃ বিপিএফ দলে বিটিএডিত কেৱল লুণ্ঠন চলাইছে। এই দলটোক এইবাৰ ৰাইজে উচিত শিক্ষা দিব। বিটিচিৰ একমাত্ৰ বিৰোধী দল ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএলৰ তৃতীয় বাৰ্ষিক অধিৱেশনত এই মন্তব্য কৰে দলটোৰ কেবাগৰাকী নেতাই।

বাক্সা জিলাৰ শালবাৰীৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত হোৱা অধিৱেশনৰ মুকলি সভাত কেইবাজনো বিশিষ্ট অতিথিৰ লগতে বিধায়িনী দল ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম আৰু প্ৰাক্তন বিধায়ক হিতেশ্বৰ বসুমতাৰীয়ো উপস্থিত থাকে। নিজৰ ভাষণত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি বিপিএফ দলক লুণ্ঠনকাৰীৰ দল আখ্যা দিয়ে প্ৰাক্তন বিধায়ক বসুমতাৰীয়ে।

শালবাৰী জিলা ইউপিপিএলৰ সভাপতি সীতাৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত উৰ্খাও ব্ৰহ্মই বিটিচিবাসীয়ে এতিয়া পৰিৱৰ্তন বিচাৰিছে বুলি মন্তব্য কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক বিটিচিৰ ৰাইজে উচিত শিক্ষা দিব বুলি কৈ সাংসদ নৱ কুমাৰ শৰণীয়াই আবেগত জয় লাভ কৰিছিল বুলি কয়৷

সেই সময়ৰ গোষ্ঠীগত সংঘৰ্ষৰ সুবিধা লৈ অবড়ো ৰাইজৰ আৱেগৰ সৈতে খেলা কৰা শৰণীয়াই ৰাইজক দিয়া প্ৰতিশ্ৰুতি এতিয়াও পূৰণ কৰিব পৰা নাই বুলি উল্লেখ কৰি উৰ্খাও গৌৰা ব্ৰহ্মই বিজেপি-বিপিএফৰ বাহিৰে যিকোনো দলৰ লগত মিত্ৰতা কৰি বিটিচি দখল কৰিব বুলি দাবী কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in