বাক্সাৰ ৰূপহীত ইউপিপিএলৰ প্ৰথম তৃতীয় বাৰ্ষিক অধিৱেশন

বাক্সাৰ ৰূপহীত ইউপিপিএলৰ প্ৰথম তৃতীয় বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ ৰূপহীত ৰূপহী হাইস্কুল খেলপথাৰত দেওবাৰে ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথম ত্ৰি বাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷

এই উপলক্ষে সোমনাথ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভা৷মুকলি সভাত এউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকি শাসনাধিষ্ঠিত বিজেপি চৰকাৰ আৰু বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰে৷

একেখন সভাতে বিজেপি আৰু বিপিএফ দলৰ এশ কৰ্মী আনুষ্ঠানিক ভাবে ইউপিপিএলত যোগদান কৰে৷

দেওবাৰৰ মুকলি সভাখনত ৰণগৌৰা নাৰ্জাৰী, হজৰত আলী, হানিফ আলী আহমেদ, নিৰ্মল কৌৰ ব্ৰহ্ম, বীণা গয়াৰী, বিউতি বসুমতাৰী প্ৰমুখ্যে ভালেকেইগৰাকী দলীয় নেতা-কৰ্মী উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in