বিটিচিৰ ১২ টা বিধানসভা সমষ্টিয়ে দখল কৰিব বিজেপি -ইউপিপিএলে : প্ৰমোদ বড়ো

বিটিচিৰ ১২ টা বিধানসভা সমষ্টিয়ে দখল কৰিব বিজেপি -ইউপিপিএলে : প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) বিপিএফৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ভেঁটি কপাই শনিবাৰে কোকৰাঝাৰৰ বিছমুৰীত ইউপিপিএলৰ দলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে ।

কোকৰাঝাৰ জিলাৰ বিছমুৰীত ইউপিপিএল দলে আয়োজন কৰা বিশাল নিৰ্বাচনী জনসভাত ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ সমৰ্থনত স্বত:স্ফূৰ্তভাৱে হাজাৰ হাজাৰ জনতা বিছমুৰীৰ নিৰ্বাচনী জনসভাত ভিৰ কৰি কাৰ্যত জনসমুদ্ৰত পৰিণত কৰে ।

৩০ বছৰ ধৰি একেৰাহে ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে এইবাৰ প্ৰতিষ্ঠানবিৰোধী ঢৌ গঢ় লৈ উঠিছে আৰু তাৰেই সুযোগ গ্ৰহণ কৰি ইউপিপিএলৰ যুৱনেতা তথা এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে শক্তিশালী প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ আজি নিজৰ শক্তি প্ৰদৰ্শন কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ দূৰ্গত মোক্ষম আঘাত হানিছে ।


কোকৰাঝাৰৰ বিছমুৰীত আয়োজিত হোৱা উক্ত বিশাল জনসভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকি নিজ ভাষণত বিটিচিৰ ১২ টা সমষ্টিতে বিজেপি আৰু ইউপিপিএল দলে জয়লাভ কৰিব বুলি মন্তব্য কৰিছে । বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰমোদ বড়োই কয় যে হাগ্ৰামা মহিলাৰীয়ে দূৰ্নীতি -ভ্ৰষ্টাচাৰ , ঠগ -প্ৰৱঞ্চনাৰে ৰাইজক লুটি-পুতি ২৩০০ কোটি টকা আত্মসাৎ কৰিছে । হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ যদি দিল্লী , গুৱাহাটীত সম্পত্তি উলিয়াই দিব পাৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ বাদ দি জে'ললৈ যাব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীক নিজৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে ।

হাগ্ৰামা মহিলাৰী হ'ল বড়োলেণ্ডৰ সকলোতকৈ ডাঙৰ বেপাৰী , তেওঁ বেপাৰ কৰি থাকক , ৰাইজক প্ৰতিনিধিত্ব কৰাৰ নামত ৰাইজক আৰু ঠগ প্ৰৱঞ্চনা কৰিব নালাগে , তেওঁ ৰাজনীতিৰ পৰা লওঁক বুলি মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে ৰাইজে হাগ্ৰামা মহিলাৰী , বদৰুউদ্দিনৰ মুখৰ ফালে চাই ভোট নিদিয়ে আৰু কংগ্ৰেছত কোনো নেতা নাই । আগন্তুক চৰকাৰ বিজেপি মিত্ৰগোটৰ হোৱাটো এশ শতাংশই খাটাং বুলি মন্তব্যৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৭ খন আসনৰ ভিতৰত ৪৭ খন আসনেই বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰিছে প্ৰমোদ বড়োই । আনহাতে বিটিআৰ চুক্তিৰ পিছত অঞ্চলটোলৈ চিৰদিনৰ বাবে শান্তি আহিছে আৰু বিটিচি চৰকাৰে সকলো জাতি জনগোষ্ঠীকে সমউন্নয়ন সমমৰ্যদা , সমঅধিকাৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।


ইপিনে ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীয়ে তেওঁৰ বিজয় এশ শতাংশই নিশ্চিত বুলি দাবী কৰি বিগত ৩০ টা বছৰে বিধায়িকা , মন্ত্ৰী হৈ থকা প্ৰমিলা ৰাণী ব্ৰহ্মই সমষ্টিৱাসীৰ কোনো সমস্যাই সমাধান নকৰিলে বুলি দাবী কৰে । কৃষি , বনবিভাগ , ভৈয়াম-জনজাতি কল্যান আৰু অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ( WPT&BC) মন্ত্ৰী হৈ থকাৰ পিছতো একো উন্নয়নমুলক কাম নকৰাত সমষ্টিৱাসী ক্ষুব্ধ হৈছে বুলি মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে সকলো জাতি জনগোষ্ঠীয়ে তেওঁৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগবঢ়াইছে বুলি মন্তব্য কৰিছে । আজিৰ বিশাল নিৰ্বাচনী সভাত বিভিন্ন দল সংগঠনৰ নেতা উপস্থিত থকাৰ লগতে কেইবাসহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in