বিপিএফ দলত খহনীয়া, প্ৰাক্তন এমচিএলএকে ধৰি তিনি সহস্ৰাধিকৰ যোগদান ইউপিপিএলত…

বিপিএফ দলত খহনীয়া, প্ৰাক্তন এমচিএলএকে ধৰি তিনি সহস্ৰাধিকৰ যোগদান ইউপিপিএলত…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ দূৰ্গত মোক্ষম আঘাত হানি দেওবাৰে বিপিএফৰ প্ৰাক্তন এমচিএলএকে ধৰি তিনি সহস্ৰাধিক লোক ইউপিপিএল দলত যোগদান কৰে । বিপিএফৰ প্ৰাক্তন এমচিএলএ ইন্দ্ৰমোহন ব্ৰহ্ম , হাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ট বুলি পৰিচিত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্ম আদিকে ধৰি তিনি সহস্ৰাধিক লোকে দোতমাত আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰি বিপিএফৰ দূৰ্গত মোক্ষম আঘাত হানিলে ।

কোকৰাঝাৰ জিলাৰ দোতমাৰ খেলপথাৰত আয়োজিত হোৱা যোগদানপৰ্ব অনুষ্ঠানত সদলবলে যোগদান কৰি হাগ্ৰামা মহিলাৰীৰ অতি ঘনিষ্ট বুলি পৰিচিত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৱে কয় যে ইমানদিনে বহুত ব্যৱসায় কৰিলো আৰু আজি আনুষ্ঠানিকভাৱে ৰাজনীতিত যোগ দি এতিয়াৰে পৰা সমাজসেৱা কৰিম ।

আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে তেওঁক প্ৰাৰ্থী হিচাপে বিচাৰিলে তেওঁ জনতাৰ আশা -আকাংক্ষাক সন্মান কৰিব বুলি মন্তব্য কৰে । যোগদানপৰ্বত উপস্থিত থকা ইউপিপিএলৰ প্ৰাক্তন এমচিএলএ জ্যোতিয়েন্দ্ৰ ব্ৰহ্মই ইউপিপিএল দলত নতুনকৈ যোগদান কৰা সকলোলৈকে স্বাগতম জনাই আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে ভাল ফলাফল দেখুয়াবলৈ সক্ষম হব বুলি মন্তব্য কৰে ।
ইপিনে যোগদান সভাত উপস্থিত থকা এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানে ইউপিপিএল দলৰ এগৰাকী সম্পাদক লৰেঞ্চ ইছলাৰীয়ে অনাগত বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে অতি ভাল ফলাফল দেখুয়াব বুলি মন্তব্য কৰে ।

ইউপিপিএল দলে সকলো জাতি জনগোষ্ঠীকে সম অধিকাৰ , সমমৰ্যদাৰে আগবঢ়াই নি প্ৰগতিৰ ফালে আগবাঢ়িছে বুলি মন্তব্যৰে অনাগত বিধানসভা নিৰ্বাচনৰ পিছতে বিজেপি ইউপিপিএল দলে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।

প্ৰণিধানযোগ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সোতৰ বছৰীয়া পৰিষদীয় চৰকাৰৰ শাসনৰ কালছোৱাত জনসাধাৰনৰ উন্নয়নৰ বাবে আৱন্টিত কোটি কোটি টকাৰ চৰকাৰী আঁচনি সূচাৰুৰূপে ৰূপায়ন নকৰাকৈ ব্যাপক বিত্তীয় কেলেংকাৰী তথা ধন আত্মসাৎ কৰাৰ অভিযোগত কেইদিনমান পূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে বিটিচি সচিবালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰিছিল যত আজি ইউপিপিএল দলত যোগদান কৰা মনোৰঞ্জন ব্ৰহ্মৰ ফাইলো আছিল ।

কোকৰাঝাৰ সদৰ থানাত ইউপিপিএলৰ নেতা উত্তম চন্দ্ৰ বড়োৱে দাখিল কৰা এক এজাহাৰ মৰ্মে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/ ৪২০/ ৪০৮/ ৪০৯/ ৪৬৮ ধাৰাৰ অধীনত ১৪৩/২১ নম্বৰত গোচৰ এটা পঞ্জীয়নো কৰা হৈছিল আৰু মনোৰঞ্জন ব্ৰহ্মকে ধৰি আন কেবাগৰাকী ঠিকাদাৰৰ বিপক্ষে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

মনোৰঞ্জন ব্ৰহ্মই আজি সংবাদমাধ্যমৰ আগত কাৰো হেঁচাত তেওঁ ইউপিপিএল দলত যোগদান কৰা নাই বুলি সদৰি কৰিছে যদিও একমাত্ৰ তদন্তৰ পৰা বাচিবলৈ আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিৰ পৰা টিকট পোৱাৰ আশাত হে তেওঁ ইউপিপিএল দলত যোগদান কৰা বুলি সৰ্বত্ৰে বু বা চলিছে । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজনৈতিক বাতাবৰণ সঘনে সলনি হোৱাটো চিৰপৰিচিত যদিও হাগ্ৰামা মহিলাৰীৰ একালৰ ঘনিষ্ট ব্যক্তিসকল এজন এজনকৈ ইউপিপিএললৈ ধাৱমান হোৱাটো পট পৰিবৰ্তনৰ ইংগিত নেকি বুলিয়ে বহুতে প্ৰশ্ন উত্থাপন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in