ইউপিপিএল দলক পূৰ্ণ সমৰ্থন কমতাপুৰ প্ৰগেছিভ পাৰ্টীৰ …

ইউপিপিএল দলক পূৰ্ণ সমৰ্থন  কমতাপুৰ প্ৰগেছিভ পাৰ্টীৰ …

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কমতাপুৰ প্ৰগেছিভ পাৰ্টীয়ে আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএল দললৈ মুক্ত সমৰ্থন আগবঢ়াইছে । আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক যৌথ সংবাদমেলত কমতাপুৰ প্ৰগেছিভ পাৰ্টীৰ সভাপতি প্ৰদীপ কুমাৰ ৰায় আৰু সম্পাদক উত্তম কুমাৰ ৰায়ে ইউপিপিএললৈ দললৈ মুক্ত সমৰ্থন আগবঢ়াই বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিতে এই সমৰ্থন অব্যাহত থাকিব বুলি ঘোষণা কৰে ।

বিগত ১৫ বছৰে কোচ ৰাজবংশী জনতা শোষণ বঞ্চনাৰ বলি হৈ অহাৰ কথা সদৰি কৰি ইউপিপিএলৰ চৰকাৰ গঠন হোৱাৰ পিছতে শোষণ বঞ্চনাৰ অৱসান ঘটিব বুলি মন্তব্য কৰি ইউপিপিএলৰ সতে অনুষ্ঠিত হোৱা কেবালানিৰ আলোচনাৰ পিছত হে সমৰ্থন দিয়াৰ কথা উল্লেখ কৰিছে কমতাপুৰ প্ৰগেছিভ পাৰ্টীৰ সভাপতি প্ৰদীপ কুমাৰ ৰায় আৰু সম্পাদক উত্তম কুমাৰ ৰায়ে ।

ইউপিপিএলে চৰকাৰ গঠনৰ পিছতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা পৰা মনোনিত সদস্য নিযুক্তি দিয়া , বিটিএডিৰ বাহিৰত কোচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ গঠনত সমৰ্থন দিয়া , কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰা , চিলাৰায় ভৱন নিৰ্মান কৰা আৰু আগন্তুক অসম আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ সহমত পোষণ কৰিছে ।

উল্লেখ্য যে আজিৰ যৌথ সংবাদমেলত উপস্থিত থকা ইউপিপিএল দলৰ উপ -সভানেত্ৰী প্ৰতিভা ব্ৰহ্মই আগন্তক বিটিচি নিৰ্বাচনত ইউপিপিএল দলে কমেও ৩০ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in