উজনিত ৩ কাঠ মাফিয়াৰ দৌৰাত্ম্যঃ নিশা হলেই সৰবৰাহ হয় চোৰাং কাঠ ভৰ্তি ট্ৰাক…

উজনিত ৩ কাঠ মাফিয়াৰ দৌৰাত্ম্যঃ নিশা হলেই সৰবৰাহ হয় চোৰাং কাঠ ভৰ্তি ট্ৰাক…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ চুবুৰীয়া ৰাজ্য অৰুনাচলত অব্যাহত আছে বন মাফিয়াৰ দৌৰাত্ম্য। একাংশ বন মাফিয়াৰ বাবে বনজ সম্পদসমূহ যেন হৈ পৰিছে নিজৰ পৈত্রিক সম্পদ । বৰ্তমান বালি, শিল আৰু বনাঞ্চলৰ সামগ্ৰীসমূহৰ লুণ্ঠনৰ প্ৰতিযোগিতা চলিছে চুবুৰীয়া ৰাজ্য অৰুনাচলৰ জয়ৰামপুৰ আৰু মেওঁত । ইফালে বনবিভাগত কৰ্মৰত একাংশ বন বিষয়া, কৰ্মচাৰীৰ বাবেওঁ সোণৰ কণী পৰা হাঁহৰ লেখীয়া হৈ পৰিছে অসমৰ কেইবাখনো চেক গেট ।

এইসকল দুৰ্নীতিগ্ৰস্ত বনবিষয়া কৰ্মচাৰীৰ আৰু প্ৰভাৱশালী চক্ৰৰ সহযোগত অসমৰ ৰাজপথেৰে এতিয়া দৈনিক বন মাফিয়া চক্ৰই চলায় গৈছে নিজৰ কলা ব্যৱসায়। এসময়ৰ কুখ্যাত গৰু চুৰ আৰু বৰ্তমানৰ কুখ্যাত কাঠ মাফিয়া জনৈক ৰিমু , খান, ৰঞ্জন গগৈৰ নিৰ্দেশত বৰ্তমান অৰুনাচলৰ জয়ৰামপুৰ আৰু মেওঁৰ পৰা অসমৰ ৰাজপথেৰে দৈনিক সৰবৰাহ হব ধৰিছে চোৰাং কাঠ ভৰ্তি ট্ৰাক৷

এইসকলৰ বিপক্ষে গলেই ৰাজহুৱাভাবে অপদস্থ কৰাৰ লগতে একাংশ সংবাদ মাধ্যমত এই বিষয়ে প্ৰচাৰ হ'লেওঁ সাংবাদিকক নানান ভয় ভাবুকিৰে মুখ বন্ধ কৰাৰ চেষ্টা চলায় এই মাফিয়া চক্ৰই। এক কথাত উল্লেখিত কাঠ মাফিয়া কেইজনৰ সন্ত্ৰাসত এতিয়া কম্পিত উচ্চপদস্থ বন বিষয়াৰ লগতে আৰক্ষীয়ো ৷ একমাত্ৰ জাগুন, লেখাপানী, আৰু মাৰ্ঘেৰিটাৰ বন বিভাগৰ ৰহস্যজনক ভূমিকাৰ বাবেই এতিয়া অধিক আগ্ৰাসী ভূমিকা লোৱা কাঠৰ ছিণ্ডিকেট চক্ৰই ব্যাপকহাৰত অবৈধ কাঠ সৰৱৰাহৰ গুৰুতৰ অভিযোগ।

কেৱল জাগুন, লিডু, মাৰ্ঘেৰিটাৰ পৰাই নহয় উল্লেখিত কাঠ মাফিয়া কেইজনে মহাদেৱপুৰ, ডিৰাক, কাকপথাৰ দিশেওঁ নিশা চোৰাং কাঠ ভৰ্তি ট্ৰাক সৰবৰাহ কৰাৰ অভিযোগ উঠিছে ৷ ডুমডুমাৰ বন সংমণ্ডলৰ অধিনষ্ঠ জনৈক ইউনিচ খান নামৰ বন বিষয়া গৰাকীয়ে ডিৰাক গেটৰ পৰা প্ৰতিখন গাড়ী পাৰ কৰি দিয়াৰ বাবদ ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে ৷ আমাৰ পূৰ্বৰ এক প্ৰতিবেদনত এই সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰা হৈছিল যদিওঁ বৰ্তমানেওঁ গা লৰা নাই বিতৰ্কিত বন বিষয়া জনৈক ইউনিচ খানৰ৷

বন বিভাগেও এই জন বিতৰ্কিত বন বিষয়াৰ ওপৰত কোনোধৰনৰ পদক্ষেপ গ্ৰহন কৰিবলৈ সৎ সাহস গোটাবলৈ সক্ষম নহল ৷ যাৰ বাবে বৰ্তমান উঠি ৰজা বহি ৰজা এই জন বন বিষয়া জনৈক ইউনিচ খান ৷ উল্লেখ্য যে ১২ চকীয়া ১৬ চকীয়া চোৰাং কাঠভৰ্তি গাড়ীসমূহ জয়ৰামপুৰ তথা মেওঁ অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশৰ সীমা অতিক্ৰমি জাগুনেদি অসমত প্ৰৱেশ কৰে আৰু লিডু, মাৰ্ঘেৰিটা,ডিগবৈ ৰাজপথেৰে অসমৰ বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ হয় ৷

সমগ্ৰ পক্ৰিয়াটোৰ সৈতে কেৱলযে বন বিভাগেই জড়িত হৈ আছে তেনে নহয়। এই ক্ষেত্ৰত আৰক্ষীৰ একাংশ বিষয়াওঁ জড়িত থকাৰ অভিযোগ উঠিছে ৷ কেইবাখনো থানাৰ চেকগেটত ব্যৱসায়ী সকলে দিব লগা হয় এক বুজন পৰিমানৰ ধন ৷ এই অভিযোগ আমাৰ নহয় একাংশ প্ৰত্যক্ষদৰ্শীৰ ৷ এতিয়া কথাটো হল ৰক্ষকেই যদি ভক্ষকৰ ভুমিকাত অৱতীৰ্ণ হয় তেন্তে কিমান দূৰ নিকা ভাৱামূৰ্তীৰে আগবাঢ়িব আজিৰ সমাজ ব্যৱস্থা ৷ সেয়া বিদ্বৎ মহলৰ বাবে হৈ পৰিছে চিন্তনীয় বিষয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in