শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

ঐতিহাসিক ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নিত, স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে উদ্যান স্থাপনৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ…

7,574

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বুধবাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ। এই স্মাৰকপত্ৰত জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে ঐতিহাসিক ধোদৰ আলি চাৰিলেনযুক্ত পথলৈ উন্নিত কৰাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কমাৰগাঁৱত স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে এখন উদ্যান স্থাপনৰ অনুৰোধ জনায়।

উল্লেখ্য যে, ধোদৰ আলি ৬শ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম পথ। ডিব্ৰুগড়ৰ জয়পুৰৰ পৰা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক সংলগ্ন কৰি কমাৰগাঁৱলৈ ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক পথচোৱৱা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল।

আহোম যুগৰ সোণালী ইতিহাসৰ চানেকি বহন কৰা এই ঐতিহাসিক পথচোৱাৰ উন্নয়নত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে আৰ্থিক দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি উল্লেখ কৰা হৈছে উক্ত স্মাৰকপত্ৰখনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি