অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ’ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ

অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ’ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত প্ৰায় এটা দশকজুৰি সশস্ত্ৰ পন্থাৰে আন্দোলন কৰি অহা এটি গোৰ্খা সশস্ত্ৰ সংগঠনে মঙলবাৰে ওদালগুৰিত আনুষ্ঠানিকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰে। বিগত ২০০৭ চনৰ ৬ আগষ্ট তাৰিখে জন্ম লাভ কৰা ইউনাইটেড গোৰ্খা পিপলচ্ অৰগেনাইজেশ্বন চমুকৈ ইউজিপিঅ' নামৰ সশস্ত্ৰ সংগঠনটোৱে মঙলবাৰে আনুষ্ঠানিকভাৱে যুদ্ধবিৰতি ঘোষণা কৰি ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক এম কুমাৰৰ হাতত কেইবাটাও অস্ত্ৰ জমা দিয়ে।

এই অস্ত্ৰসমূহৰ ভিতৰত আছে চাৰিটা বিদেশত নাৰ্মিত পিষ্টল, এটা হস্তনিৰ্মিত পিষ্টল, এটা কাৰ্বাইন, পাঁচটা মেগাজিন, দুই জাই সজীৱ গুলীৰ লগতে পিষ্টলত ব্যৱহৃত কেইবাটাও সামগ্ৰী। ওদালগুৰিৰ খাউৰাংস্থিত গোৰ্খা নাট্য ৰঙ্গমঞ্চত অনুষ্ঠিত অস্ত্ৰসমৰ্পন কাৰ্যসূচীত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ সূৰ্যআলি মগৰ, সংগঠনটোৰ সভাপতি লাল বাহাদুৰ তামাঙকে ধৰি প্ৰায় ৩০ গৰাকী কেডাৰ।

এই সন্দৰ্ভত সংগঠনটোৰ সেনাধ্যক্ষগৰাকীয়ে সাংবাদিকক জানিবলৈ দি কয় যে, গোৰ্খা স্বায়ত্বশাসিত পৰিষদ গঠনৰ লক্ষ্য তথা গোৰ্খাসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি জন্ম হোৱা সংগঠনটোৱে কেইবাটাও কুটাঘাটৰ ঘটনাত জড়িত আছিল।' উল্লেখ্য যে, বিগত ২০১৮ চনত ৰৌতা-মাজবাটৰ মাজৰ ৰে'ল লাইনৰ মাজত সংগঠনটোৱে বোমা সংস্থাপন কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাত এই সৌভাগ্যক্ৰমে বোমাটো বিস্ফোৰণ নঘটিল। ইয়াৰোপৰি বিটিএডিৰ বিভিন্ন প্ৰান্তত এই সশস্ত্ৰ সংগঠনটোৰ কেইবাগৰাকীও সদস্য আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বুলি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

চাৰিটা পৰ্যায়ত এই অস্ত্ৰ সমৰ্পন প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি অনাগত দিনত সংগঠনটোৱে কেইবাটাও মাৰণাস্ত্ৰ প্ৰশাসনক জমা দিব বুলি মগৰে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। এই যুদ্ধ বিৰতিৰ দ্বাৰা সংগঠনটোৱে গোৰ্খাসকলৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ কথাও অৱগত কৰে। উল্লেখ্য যে, প্ৰায় ৩০০ কেডাৰ থকা বুলি উল্লেখ কৰি সংগঠনটোৱে তেওঁলোকৰ অস্ত্ৰসমূহ বিশেষকৈ নাগালেণ্ডৰ ফালৰ পৰা অনাৰ লগতে তেওঁলোকৰ বহু কেডাৰ ম্যানমাৰত এনএছচিএন(আইএম)ৰ সৈতে প্ৰশিক্ষণ লোৱাৰ কথাও উল্লেখ কৰে।

ইফালে মঙলবাৰে এই যুদ্ধবিৰতি ঘোষণা কৰি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে এগৰাকী আৰএছএছৰ নেতাৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ পথলৈ অহাৰ কথা স্বীকাৰ কৰে। মুলত সশস্ত্ৰ পন্থা পৰিহাৰ কৰি গণতান্ত্ৰিক পদ্ধতিৰে শান্তি আলোচনা তথা দাবীসমূহ সন্দৰ্ভত চৰকাৰৰে সৈতে আলোচনাৰ বাবে সংগঠনটোৱে মঙলবাৰে যুদ্ধবিৰতি ঘোষণা কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in