উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল, দৈমালু ক্লাৱ ৩-১ গলৰ ব্যৱধানত জয়ী…

উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল,  দৈমালু ক্লাৱ ৩-১ গলৰ ব্যৱধানত জয়ী…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰি ষ্টেডিয়ামত চলি থকা ২৬ সংখ্যক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলৰ বৃহস্পতিবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেল দৈমালু ক্লাৱ বনাম চুটুংগ্ৰা একাদশৰ মাজত অনুষ্ঠিত হয়। খেলখনত দৈমালু ক্লাৱে ৩-১ গলৰ ব্যৱধানত চুটুংগ্ৰা একাদশক পৰাস্ত কৰি জয়ী সাব্যস্ত কৰে।

দৈমালু ক্লাৱৰ হৈ দৈমালু ব্ৰহ্ম‌ই প্ৰথম অৰ্ধৰ ৩ মিণিটত প্ৰথমটো গল দিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত প্ৰথম অৰ্ধৰ ১৭ মিণিটত চুটুংগ্ৰা একাদশৰ এম পুলুঙে এটা গল দি দুয়ো দলৰ মাজত সমতা স্থাপন কৰে। ইয়াৰ পাছত দৈমালু ক্লাৱৰ মুছুখা বসুমতাৰীয়ে ১৯ মিনিটত আনটো গল দি দৈমালু ক্লাৱক ২-১ গলত অগ্ৰগতি প্ৰদান কৰে।

প্ৰথম অৰ্দ্ধৰ অন্তত দ্বিতীয় অৰ্দ্ধৰ ৭৯ মিণিটত দৈমালু ক্লাৱৰ মুছুখা বসুমতাৰীয়ে খেলখনত তেওঁৰ দ্বিতীয়টো গ'ল প্ৰদান কৰি ৩-১ গলৰ ব্যৱধানত নিজ দলৰ জয় নিশ্চিত কৰে। শুকুৰবাৰৰ খেলত ইডেন ক্লাৱ মুখামুখি হ'ব গোসাইগাওঁৰ গ্লোবেল একাডেমীৰ বিপক্ষে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in