গুৱাহাটীৰ পল্টন বজাৰস্থিত হোটেল সম্ৰাটত অগ্নিকাণ্ড, VIDEO

গুৱাহাটীৰ পল্টন বজাৰস্থিত হোটেল সম্ৰাটত অগ্নিকাণ্ড, VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা গুৱাহাটীৰ পল্টন বজাৰস্থিত হোটেল সম্ৰাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পুৱাৰ ভাগতে বিধ্বংসী জুইৰ ধোৱাই আগুৰি ধৰাৰ লগে লগে আতংকময় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত।

উপস্থিত ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত কেইবাখনো বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানৰলৈকে সফল হোৱা নাই।

ইপিনে জুই সূত্ৰপাত হোৱাৰ পাছতে অঞ্চলটোত তীব্ৰ যান-যতঁৰ সৃষ্টি হয়। বৰ্তমানৰ লৈকে জুই সূত্ৰপাত হোৱাৰ কাৰন জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক অনুসন্ধানত শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in