ভাৰত- নিউজিলেণ্ডৰ মেচ, বৰ্তমানেও উপযোগী হৈ উঠা নাই খেলপথাৰ…

ভাৰত- নিউজিলেণ্ডৰ মেচ, বৰ্তমানেও উপযোগী হৈ উঠা নাই খেলপথাৰ…

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটত ভাৰত- নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া ১৮ সংখ্যক মেচখনত বিধি পথালি দিছে বতৰে। দিনৰ ৩ বজাৰ পৰা আৰম্ভ হ'বলগীয়া খেলখন প্ৰতিকুল বতৰৰ বাবে আৰম্ভ নহ'ল। ইয়াৰ পিছতে বিয়লি ৪ বজাত মেচ অনুষ্ঠিত হ'বলগীয়া ফিল্ডখন এম্পায়েৰে পৰিদৰ্শন কৰি জনায় যে খেলৰ বাবে উপযোগী নহয় এই ফিল্ড।

বি চি চি আইয়ে টুইটাৰযোগে জনাইছে যে ভাৰতীয় সময়নুসৰি বিয়লি ৫ বজাত পুণৰ খেল পথাৰ পৰিদৰ্শন কৰিব এম্পায়েৰে। তাৰ পিছতহে মেচখন অনুষ্ঠিত হোৱা নোহোৱাক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in