অচিৰেই ছবিঘৰলৈ ‘পি এম নৰেন্দ্ৰ মোদী’

অচিৰেই ছবিঘৰলৈ ‘পি এম নৰেন্দ্ৰ মোদী’

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ৰাজনৈতিক জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবি 'দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ'ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পাছতে দেশৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছিল। এই ছবিখনৰ ট্ৰেইলাৰ আনকি বিজেপিয়ে টুইটাৰত প্ৰচাৰো কৰিছিল। ছবিখনক লৈ বাক-বিতণ্ডা অন্ত নপৰোতেই আকৌ আহিছে এটা নতুন খবৰ।

এইবাৰ ছবি নিৰ্মাণ হ'ব বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনক লৈ। ইতিমধ্যে ছবিখনৰ প্ৰাৰম্ভিক সকলো কাম সমাপ্ত হৈছে। ছবিখন পৰিচালনা কৰিব 'মেৰীকম' আৰু 'সৰবজিত' দৰে ছবি পৰিচালনা কৰা পৰিচালক অমঙ্গ কুমাৰে। মোদীৰ জীৱনভিত্তিক এই ছবিখনত মোদীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা বিবেক অৱৰয়ে।

বলিউদৰ বিশিষ্ট ছবি সমালোচক তৰণ আদৰ্শে টুইটাৰত ছবি খনৰ সন্দৰ্ভত ঘোষণা কৰি কয় যে ' এই ছবিখনৰ প্ৰযোজনা কৰিছে সন্দীপ সিঙে। ছবিখনৰ ফাষ্ট ৰ্লুক ৭ জানুৱাৰীত মুক্তি দিয়া হব। ছবিখনৰ নাম হ'ব ' পি এম নৰেন্দ্ৰ মোদী'।  ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ছবিখনৰ শ্বুটিং, এই কথা টুইটাৰ যোগে ৰাজহুৱা কৰিছে সমালোচক গৰাকীয়ে। উল্লেখ্য যে, অভিনেতা বিবেক অৱৰয়ে কেইবাবছৰৰ বিৰতিৰ মুৰত বলিউদত পুনৰ প্ৰৱেশ কৰিব । বৰ্তমান তেলেগু ছবিৰ শ্বুটিংত ব্যস্ত আছে বিবেক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in