মৃত্যুৰ পাছত বাদশ্বাহৰ সৈতে আকৌ আহি আছে শ্ৰী দেৱী

মৃত্যুৰ পাছত বাদশ্বাহৰ সৈতে আকৌ আহি আছে শ্ৰী দেৱী

ডিজিটেল ডেস্কঃ যাদুকৰী হাঁহি আৰু মনোমোহা অভিনয়েৰে কোটি কোটি দশকৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হৈছিল বলিউদৰ অভিনেত্ৰী শ্ৰী দেৱী। চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত ডুবাইত আকস্মিকভাৱে মৃত্যু হৈছিল অভিনেত্ৰী গৰাকীৰ।

কিন্তু মৃত্যু হলেও পুনৰ ডিচেম্বৰত আহি আছে শ্ৰী দেৱী। ২১ ডিচেম্বৰত শ্ৰীদেৱী আহিব দেশৰ ছবিঘৰ সমূহলৈ। লগত আহিব শ্বাহৰুখ,অনুষ্কা আৰু কেটৰিণাও। আচলতে মৃত্যুৰ পূৰ্বে শ্ৰীদেৱীৰ অভিনীত শেষৰখন ছবি 'জিৰ' দেশৰ চিনেমাগৃহলৈ আহিব ২১ ডিচেম্বৰত। আগষ্ট মাহতে মুকলি কৰা হৈছিল ছবিখনৰ পষ্টাৰ।

আনন্দ এল ৰায়ে পৰিছালনা কৰা ছবিখনৰ বাজেট প্ৰায় ২০০ কোটি। অজয় অটুলে সংগীত পৰিছালনা কৰা ছবিখনক লৈ এতিয়া সবৰ্ত্ৰে চৰ্চা। নহবনো কিয়, মৃত্যুৰ পাছত আকৌ এবাৰ জীৱন্ত ৰূপত দেখা যাব মোহময়ী অভিনেত্ৰী শ্ৰী দেৱীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in