শেহতীয়া খবৰ
৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...  •  যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে...

স্বামীৰ সৈতে ফোনত ব্যস্ত আছিল মহিলা, বিচনাত বাহ লৈছিল দুডাল সাপে, তাৰ পিছত…

29,646

ডিজিটেল ডেস্কঃ ‘দেখিলে বাঘে খাই, লেখিলে সাপে খায়’- সেই কথা আকৌ এবাৰ প্ৰমাণ হ’ল উত্তৰপ্ৰদেশৰ গৌৰখপুৰত। বুধবাৰে গৌৰখপুৰৰ ৰিয়ানানগৰত সংঘটিত হ’ল এক কৰুণ ঘটনা। এগৰাকী মহিলাই সেই সময়ত বিদেশত থকা স্বামীৰ সৈতে ম’বাইলত বাৰ্তালাপ কৰি আছিল।

ঘৰৰ বাহিৰত স্বামীৰ সৈতে বাৰ্তালাপ কৰি থকা মহিলাগৰাকীয়ে কথা পাতি পাতিয়ে সোমাই আহিছিল শোৱনী কোঠালৈ। কাণত ম’বাইলটো লৈয়ে তেওঁ বহিছিল বিচনাত। কিন্তু তেতিয়াই ঘটি গ’ল অঘটন। মহিলাগৰাকীয়ে ভবা নাছিল তেওঁৰ বিচনাত আশ্ৰয় লৈ আছে দুটাকৈ সাপে।

বিষাক্ত সাপৰ দংশনত মহিলাগৰাকী কেইমুহূৰ্তমানৰ ভিতৰতে মৃত্যুক সাৱতি লয়। চুবুৰীয়াই পিছত মহিলাগৰাকীক উদ্ধাৰ কৰোতে বিচনাত দেখা পাইছিল সাপ দুটা। মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও, তেতিয়ালৈ বহু পলম হৈ গৈছিল।

উল্লেখযোগ্য যে, মহিলাগৰাকীৰ নাম গীতা আৰু তেওঁৰ স্বামীৰ নাম জয় সিং। কৰ্মসূত্ৰে থাইলেণ্ডত থাকে গীতাৰ স্বামী। এই কৰুণ ঘটনাই ঠান-বান কৰি পেলালে এখন সোণৰ সংসাৰ। সৰ্পদংশনত মৃত্যু হোৱা পত্নীৰ খবৰ শুনিয়েই শোক বিব্বল হৈ পৰে স্বামী ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি