৩ টা ৰিভলভাৰ,এটা ৰাইফল হাতত লৈ বিজেপিৰ নিলম্বিত বিধায়কৰ নৃত্য, ভাইৰেল VIDEO…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বিৰ্তকিত মন্তব্যৰে চৰ্চাত থকা এজন বিধায়ক। বিভিন্ন সময়ত নিজ কাম কাজৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ডেৰাডুনৰ খানপুৰ সমষ্টিৰ বিধায়ক কোৱৰ প্ৰণৱ সিং আকৌ এবাৰ চৰ্চালৈ আহিছে। কিছুদিনৰ পূৰ্বে দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত বিজেপিৰ পৰা বহিষ্কাৰ কৰা বিধায়কজনৰ এটা বিশেষ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।

ভিডিঅ'টোত বিৰ্তকিত বিধায়কজনে কেইবাটাও মৰণাস্ত্ৰ হাতত লৈ কৰিছে নৃত্যু। তিনিটাকৈ ৰিভলভাৰ আৰু ১ টা ৰাইফল এটাৰ পিছত এটা হাতত লৈ নৃত্য কৰিছে বিধায়কজনে। কেৱল নৃত্য কৰাই নহয় ভিডিঅ'টোত মদ খাই অশ্লীল শব্দয়ো প্ৰয়োগ কৰিছে বিধায়কজনে।

উল্লেখ্য যে, এই বিধায়ক জনে চলিত বৰ্ষৰ জুন মাহত সংবাদকৰ্মীক বেয়া ব্যৱহাৰ কৰাৰ বাবেই দলৰ পৰা ৩ মাহৰ বাবে নিলম্বিত কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in