সংকটজনক উন্নাৱৰ নিৰ্যাতিতাৰ স্বাস্থ্য! উন্নত চিকিৎসাৰ বাবে বিমানযোগে লৈ অনা হ’ল দিল্লীলৈ

সংকটজনক উন্নাৱৰ নিৰ্যাতিতাৰ স্বাস্থ্য! উন্নত চিকিৎসাৰ বাবে বিমানযোগে লৈ অনা হ’ল দিল্লীলৈ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাৱৰ বিহাৰ এলেকাত বৃহস্পতিবাৰে গাত কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা চলোৱা নিৰ্যাতিতা যুৱতীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দেহৰ ৯০ শতাংশই অগ্নিদগ্ধ হোৱা যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে বৃহস্পতিবাৰে নিশাই বিমানযোগে উন্নাৱৰ পৰা দিল্লীলৈ লৈ অনা হয়। যুৱতীগৰাকীক বৰ্তমান সফদৰজং হাস্পতালত চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, উন্নাৱত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে ৰায়বৰেলীৰ এখন আদালতত চলি থকা ধৰ্ষণ গোচৰৰ শুনানিৰ বাবে ঘৰৰ পৰা ৰাওনা হৈছিল। কিন্তু যুৱতীগৰাকীয়ে নিজ গাঁও অতিক্ৰম কৰাৰ পিছতে জামিনত মুক্তি লাভ কৰা ধৰ্ষণ কাণ্ডৰ অভিযুক্তই সহযোগীৰ সৈতে মিলি যুৱতীগৰাকীৰ গাত কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা চলায়।

গাত জুই লগাৰ পিছতো নিৰ্যাতিতা যুৱতীগৰাকীয়ে আত্মৰক্ষাৰ বাবে প্ৰায় ১ কিলোমিটাৰ পথ দৌৰি অতিক্ৰম কৰে। সেই সময়ত যুৱতীগৰাকীক সহায় কৰিবলৈ কোনো আগবাঢ়ি নহাত অৱশেষত যুৱতীগৰাকীয়ে অগ্নিদগ্ধ দেহেৰে নিজেই এম্বুলেন্সক ফোন কৰে। আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, নিৰ্যাতিতাই আত্মৰক্ষাৰ বাবে দৌৰাৰ সময়ত সহায় পোৱা হ'লে তেওঁৰ দেহ ইমানখিনি নজ্বলিলহেঁতেনে। কিন্তু যুৱতীগৰাকীৰ কাষত এম্বুলেন্স উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ দেহৰ ৯০ শতাংশ জ্বলি গৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in