উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্য অৱনতি…

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্য অৱনতি…

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ শৰিৰীক অৱস্থা পুনৰ সংকটজনক হৈ আহিছে। তেওঁক জীৱন সহায়ক প্ৰণালী ( লাইফ চাপৰ্ট চিছটেম)ৰ দ্বাৰা জীৱিত ৰখা হৈছে। কিছু দিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকলে তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পাতালত উপস্থিত হৈছিল। বুধবাৰে এছজিপিজিআইয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে তথ্য  প্ৰকাশ কৰা মতে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙৰ অৱস্থা অতি সংকটজনক।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে শাৰিৰীক অসুস্থতাৰ বাবে লক্ষ্ণৌৰ সঞ্জয় গান্ধী মাষ্টাৰ্ছ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত (এছজিপিজিআই) ভৰ্তি কৰোৱা হৈছিল তেঁওক৷  চিকিৎসকসকলে উল্লেখ কৰা মতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্য উন্নতিৰ বাবে বিভিন্ন বিভাগৰ জ্যেষ্ঠ চিকিৎসকসকলে তেওঁৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। চিকিৎসকসকলে তেওঁক স্বাস্থ্যৰ সৈতে সম্পৰ্কিত সকলো ধৰনৰ উন্নত মানদণ্ডৰ যত্ন লৈ আছে। চিকিৎসালয়ৰ সঞ্চালক অধ্যাপক আৰ কে ধিমানেও কল্যাণ সিঙৰ চিকিৎসাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in