খাদ্য গ্ৰহণৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ, ৭ জনকৈ লোকে হেৰুৱালে প্ৰাণ…

খাদ্য গ্ৰহণৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ, ৭ জনকৈ লোকে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ গোণ্ডা জিলাত নিশা চিলিণ্ডাৰ বিস্ফোৰণত ৭ জনকৈ লোকে প্ৰাণ হেৰুৱায়। ইফালে, এই বিস্ফোৰণত আন ৭ জন কৈ লোক গুৰুতৰভাৱে আহত হৈছে। চিলিণ্ডাৰ বিস্ফোৰণ টো ইমানেই শক্তি শালী আছিল যে ইয়াৰ প্ৰভাৱত দুটা বাস গৃহ ভাঙি পৰে। ইফালে, এই বিস্ফোৰণত আহত আটাই কেইজন লোককে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, যিটো ঘৰত এই বিস্ফোৰণ সংঘটিত হৈছে সেইটো নুৰুল হাছান নামৰ এজন লোকৰ বাসগৃহ বুলি জানিব পৰা গৈছে। দৰাচলতে, গোণ্ডা জিলাৰ টিকৰী গাঁৱত এই বিস্ফোৰণ সেই সময়ত সংঘটিত হয় যি সময়ত নিশা বাসগৃহটোত পৰিয়ালৰ লোকে নিশাৰ ভোজন গ্ৰহণ কৰা আছিল। সেই সময়ত সংঘটিত এই বিস্ফোৰণৰ ফলত কাষৰ বাসগৃহও ভাঙি যোৱাত তাত আৱদ্ধ হৈ পৰে ১৫জনকৈ লোক। য'ত ৭জন লোকৰ থিতাতে মৃত্যু হয়।

এই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী বিষয়া সন্তোষ কুমাৰ মিশ্ৰাই সাংবাদিকৰ আগত কয়- 'আমি চিলিণ্ডাৰ বিস্ফোৰণৰ খবৰ ফোনযোগে লাভ কৰিছিলো। তাৰপাছত স্থানীয় লোকৰ সহযোগিতাত আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। একাংশ লোকক উদ্ধাৰ কৰা হ'ল যদিও ৭ জন লোকৰ মৃত্যু হয়। আৰু নিশা ভাগতেই আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হয়।'

আৰক্ষী বিষয়া মিশ্ৰাই লগতে কয় যে, মৃত্যু হোৱা লোক কেইজনৰ ভিতৰত দুজন পুৰুষ, দুগৰাকী মহিলা আৰু এটি শিশুও আছে। আৰক্ষীয়ে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জনায়। আৰু লগতে বুল্ডজাৰেৰে খহি পৰা বাসগৃহ কেইটাৰ স্থানখিনি চফা কৰা হৈছে। এই বিস্ফোৰণত নিহত লোক কেইজনৰ পাছত সমগ্ৰ এলেকাটোতে শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in