উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ প্ৰিয়ংকা গান্ধীৰ পত্ৰঃ কোৰোনা বিৰোধী যুঁজত ৰাজ্য চৰকাৰক কংগ্ৰেছে সহায়-সহযোগ কৰিব…

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ প্ৰিয়ংকা গান্ধীৰ পত্ৰঃ কোৰোনা বিৰোধী যুঁজত ৰাজ্য চৰকাৰক কংগ্ৰেছে সহায়-সহযোগ কৰিব…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই শুকুৰবাৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ এক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰখনত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে আহ্বান জনাই যে, ৰাজ্য চৰকাৰে কোৰোনা ভাইৰাছৰ সন্দৰ্ভত বিয়পা উৰা বাতৰি বন্ধ কৰাৰ লগতে ৰাজ্যবাসীক মাস্ক, ছেনিটাইজাৰ উপলবদ্ধ আৰু স্বাস্থ্য পৰীক্ষা কৰাব লাগে। 

পত্ৰখনত তেওঁ লগতে লিখে যে, এই সংকটৰ সময়ত ৰাজ্য চৰকাৰক কংগ্ৰেছে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াব। ৬ কোটি নাগৰিক বাস কৰা দক্ষিণ কোৰিয়াই প্ৰতি ১ হাজাৰ লোকক ৬জন লোকে পৰীক্ষা কৰি এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধত সফলতাওলাভ কৰিছে। ৰাজস্থানৰ ভীলৱাড়াত ৯দিনৰ ভিতৰত ২৪ লাখৰ স্ক্ৰীণিং কৰি আৰু কোৰোনাত আক্ৰান্ত লোকক চিনাক্ত কৰিছে বুলিও প্ৰিয়ংকা গান্ধীয়ে লিখে এই পত্ৰখনত।

প্ৰিয়ংকা গান্ধীয়ে লগতে পত্ৰখনত লিখিছে যে- '২৩কোটি জনসংখ্যা থকা উত্তৰপ্ৰদেশত কেৱল ৭হাজাৰ লোকৰহে নমুনা সংগ্ৰহ কৰা হৈছে। জনসংখ্যাৰ বিপৰীতে পৰীক্ষা কৰা লোকৰ সংখ্যা বহু কম। স্বাস্থ্য পৰীক্ষা তীব্ৰ গতিত কৰোৱাৰ প্ৰয়োজন আছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in