বিধানসভাৰ মজিয়াত কান্দি কান্দি বিধায়কে ক’লেঃ ন্যায় নাপালে মই মৰি যাম…

বিধানসভাৰ মজিয়াত কান্দি কান্দি বিধায়কে ক’লেঃ ন্যায় নাপালে মই মৰি যাম…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশ বিধানসভাত সোমবাৰে সৃষ্টি হ'ল এক নাটকীয় পৰিৱেশ। সমাজবাদী দলৰ এজন বিধায়কে হিয়া ঢুকাৰি কান্দিলে বিধানসভা মজিয়াত। লগতে তেওঁ এই কথা জনালে- যদি উচিত বিচাৰ নাপায়, তেন্তে তেওঁ আত্মহত্যা কৰিব। বিধায়কজনৰ কান্দোন আৰু আত্মহত্যাৰ হুংকাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।

কল্পনাথ পাচোৱান নামৰ এই বিধায়কগৰাকী মেহনগৰ সমষ্টিৰ পৰা উত্তৰপ্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধি। সদনত তেওঁ কান্দি কান্দি ক'লে- 'মই বৰ দুখীয়া মানুহ। যদি মই ন্যায় নাপাওঁ, তেন্তে মই আত্মহত্যা কৰিম।' সদনত শূন্যকালীন ঘণ্টাত নিজৰ প্ৰসংগ কৰি বিধায়কজনে অধ্যক্ষলৈ চাই কান্দি কান্দিয়েই ক'লে- 'মোক ন্যায় দিয়ক।'

আপুনি চাগৈ ভাবিছে এই বিধায়কজনে কোনো ৰাজহুৱা স্বাৰ্থজনিত সমস্যাক লৈ এনেদৰে গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কান্দিছে। কিন্তু আচল ঘটনা সেয়া নহয়। দেওবাৰে বিধায়কজন আছিল আজামগড়ৰ এখন হোটেলত। সেই হোটেলত থাকোতেই তেওঁৰ লগত থকা ১০ লাখ টকা চুৰি কৰি নিলে চোৰে। তাৰ পাছতেই বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰি বিধায়কগৰাকীয়ে ন্যায় বিচাৰি উচুপি উঠিছিল।

এই ঘটনাই বহুতকে হাঁহিৰ খোৰাদো দিলে। বিধায়কজন ইমানেই নাচোৰবন্ধা হৈ থাকিল যে, বাধ্যত পৰি সদনত উত্তৰপ্ৰদেশৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী সুৰেশ কুমাৰ খান্নাই উত্তৰ দিব লগা হ'ল। তেওঁ ক'লে- আমি এই সন্দৰ্ভত আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছো। আপুনি নিশ্চয় ন্যায় পাব। তাৰ পাছতেই বিধায়কজনৰ দাবী- আপুনি গৃহ বিভাগৰ জৰিয়তে আৰক্ষীক এই গোচৰটোৰ তদন্ত খৰটকীয়া কৰি মোৰ টকাখিনি ওলাই দিয়াৰ ব্যৱস্থা কৰক।

উত্তৰপ্ৰদেশৰ দৰে সমস্যাৰে জৰ্জৰিত এখন ৰাজ্যৰ বিধানসভাত এজন জনপ্ৰতিনিধিয়ে চুৰি হোৱা নিজৰ টকা কেইটাৰ বাবে এনেদৰে ৰাওচিজুৰি সদনৰ বহুমূলীয়া সময় ব্যয় কৰা ঘটনাই সাম্প্ৰতিক সময়ত গণতন্ত্ৰৰ প্ৰমূল্যবোধৰ লগতে একাংশ জনপ্ৰতিনিধিৰ স্বৰূপ উদঙাই দিলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in