দিনৰ পোহৰতে গুলীয়াই হত্যা অধিবক্তাক..

দিনৰ পোহৰতে গুলীয়াই হত্যা অধিবক্তাক..

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত এইবাৰ দিনৰ পোহৰতে হত্যা কৰা হ'ল এগৰাকী অধিবক্তাক। অধিবক্তা ভূপেন্দ্ৰ প্ৰতাপ সিঙক উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ কাছাৰীৰ তৃতীয় মহলাত গুলীয়াই হত্যা কৰা হৈছে। জানিব পৰা মতে অধিবক্তা ভূপেন্দ্ৰ প্ৰতাপে কিছু কামৰ বাবে আদালতৰ ৰেকৰ্ড ৰুমলৈ যোৱাৰ সময়তে তেওঁক গুলীয়াই হত্যা কৰা হৈছে।

ঘটনা সংঘটিত কৰি দুৰ্বৃত্তসকলে পলায়ন কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কাছাৰীৰ সকলো দুৱাৰতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in