‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা

‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা

ডিজিটেল ডেস্কঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। নেমকেয়াৰ হাস্পতালত বৰ্তমান চিকিৎসকৰ তত্বাৱধানত থকা শিল্পীগৰাকী সুস্থ হৈ উঠাৰ বাতৰি লাভৰ পিছত তেওঁৰ অনুৰাগী সকলে স্বস্তিৰ নিশ্বাস এৰিছে। শুকুৰবাৰে নিশা টাউন হলত আয়োজিত এক অনুষ্ঠানৰ মাজতে হঠাৎ ঢলি পৰিছিল প্ৰিয় শিল্পীগৰাকী। তাৰ পিছতে তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত।

শিল্পীগৰাকী অসুস্থ হোৱাৰ পিছত ৰাজ্যজুৰি তেওঁৰ আশু আৰোগ্য কামনা কৰি অগণন লোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ছ'চিয়েল মিডিয়াতো প্ৰিয় শিল্পীগৰাকী সুস্থ হৈ উঠাৰ কামনা কৰি পোষ্ট কৰে অগণন লোকে। তাৰ মাজতে কেইজনমানে জুবিন গাৰ্গক লৈ ছ'চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হয়। আনকি শিল্পীগৰাকীৰ মৃত্যু পৰ্যন্ত কামনা কৰি ছ'চিয়েল মিডিয়াত পোষ্ট দি এতিয়া ৰোষত পৰিছে একাধিক জন।

নীৰৱ হাজৰিকা নামৰ ফেচবুক একাউণ্টধাৰীজনে নিশা এটা পোষ্ট দিছিল জুবিন গাৰ্গৰ অসুস্থতাক লৈ। নীৰৱ হাজৰিকাই লিখিছিল- 'জুবিন দা আপুনি সুস্থ হৈ উঠক। কিন্তু যিমানখিনি কা বিৰোধৰ নামত চিঞৰ বাখৰ কৰিলে তাৰ কাৰণে মৰিলেও বেয়া নাপাও।'

প্ৰিয় শিল্পীজনৰ মৃত্যু কামনা কৰি নীৰৱ হাজৰিকা নামৰ ফেচবুকধাৰীজনে কৰা এনে পোষ্টৰ পিছতে এতিয়া ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনে বিৰূপ মন্তব্য কৰা নীৰৱ হাজৰিকাক ৰাজহুৱা ক্ষমা খোজাৰ দাবী উত্থাপন হৈছে ছ'চিয়েল মিডিয়াত। নীৰৱ হাজৰিকা তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত শেহত ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছে নীৰৱ হাজৰিকাৰ মাতৃয়ে।

এটা ভিডিঅ'ত নীৰৱ হাজৰিকাৰ মাতৃয়ে কান্দি কান্দি কৈছে- 'নীৰৱৰ মাক হয় মই, অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছো, তেওঁ অজানিতে যি ভুল কৰিলে, তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো।'

ইফালে 'ভূপেন ৰায়' নামৰ ফেচবুক ব্যৱহাৰকাৰী জনেও জুবিন গাৰ্গৰ অসুস্থতাক নাটক আখ্যা দিয়ে ছ'চিয়েল মিডিয়াত। এই ফেচবুক ব্যৱহাৰকাৰীজনে লিখিছে- 'জুবিন গাৰ্গে নাটক কৰিছে, তেওঁৰ ভায়'লিনৰ তাঁৰবোৰ ছিঙি গৈছে…।'

এই ইউজাৰজনো এতিয়া তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছে ছ'চিয়েল মিডিয়াত। কেৱল এয়াই নহয়, জুবিন গাৰ্গ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে বিৰূপ মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছে আন বহু কেইজন।

উল্লেখ্য যে, শুকুৰবাৰে নিশা মহানগৰীৰ টাউন হলৰ এক অনুষ্ঠানত হঠাৎ ঢলি পৰিছিল জুবিন গাৰ্গ। তাৰ পিছতে তেওঁক ভৰ্তি কৰা হৈছিল নেমকেয়াৰ হাস্পতালত। ১২জনীয়া বিশেষজ্ঞ চিকিৎসকৰ তৎপৰতাত বৰ্তমান সুস্থ হৈ উঠিছে সকলোৰে মৰমৰ শিল্পীগৰাকী। অত্যাধিক পৰিশ্ৰমৰ বাবেই শিল্পীগৰাকী এনেদৰে অসুস্থ হৈ পৰা বুলি জানিবলৈ দিছে চিকিৎসকে। নিশা প্ৰাথমিক চিকিৎসাৰ অন্তত আইচিইউত ভৰ্তি কৰা জুবিন গাৰ্গক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। শিল্পীগৰাকী সুস্থ হৈ উঠিবলৈ পৰ্যাপ্ত আৰামৰ প্ৰয়োজন।

মানুহৰ বাবে চিন্তা কৰা প্ৰিয় শিল্পীগৰাকী অসুস্থ হৈ পৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। তেওঁৰ অনুৰাগী সকলৰ কথা বাদেই, অসমৰ প্ৰতিজন লোকেই যেন তেওঁৰ আশু আৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। নিশাই শিল্পীগৰাকীৰ আৰোগ্য কামনা কৰি বৰপেটা ৰোড. মাজুলী আদি স্থানত ৰাজহুৱা প্ৰাৰ্থনাৰ আয়োজন কৰে তেওঁৰ অনুৰাগীসকলে। ৰাজ্যৰ অন্য প্ৰান্ততো মন্দিৰ, মছজিদ, গীৰ্জাত জুবিন গাৰ্গক সুস্থ কৰি তুলিবলৈ ভগৱানৰ ওচৰত হাতযোৰ কৰি ৰয় অসংখ্য লোকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in