বিষয়ঃ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ, জম্মু-কাশ্মীৰক লৈ বুধবাৰে নিশা নিউয়ৰ্কত নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক…
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত প্ৰদান কৰা বিশেষ ক্ষমতা যোৱা ৫ আগষ্ট তাৰিখে ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰি ৰাজ্যখনক দুখন সুকীয়া কেন্দ্ৰীয় শাসিত ৰাজ্যত পৰিণত কৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত অৱশেষত ৰাষ্ট্ৰসংঘই নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠকত আলোচনা কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
এ এন আইৰ খবৰ অনুসৰি পূৰ্বৰে পৰা পাকিস্তানে এনে কাৰ্যৰ বিৰোধিতাৰে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত দেশখনত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়টো বন্ধ কৰি দিছিল। ইফালে, ভাৰতে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ ক্ষমতাৰ প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যত পৰিণত কৰাৰ সিদ্ধান্ত ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই আলোচনা কৰিব লগা নাই বুলি মত পোষণ কৰিছিল।
আনহাতে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য চীনে আৰম্ভণিৰ পৰাই পাকিস্তানৰদাবীৰ সমৰ্থনত বিষয়টোক লৈ নিৰাপত্তা পৰিষদৰ বৈঠকত আলোচনা হোৱা উচিত বুলি অভিমতব্যক্ত কৰি অহাৰ বিপৰীতে ফ্ৰান্সে চীনৰ স্থিতি বিফল কৰাৰ বাবেহে বিগত সময়ত দৃঢ় মতপোষণ কৰি আহিছিল।
ফ্ৰান্সৰ সেই স্থিতি এতিয়াও সলনি হোৱা নাই যদিও, নিৰাপত্তাপৰিষদৰ সদস্য ৰাষ্ট্ৰ্খনৰ শেহতীয়া অভিমত হ'ল- জম্মু-কাশ্মীৰৰ বিষয়টো যৌথ আলোচনাৰেমীমাংসা কৰিব লগা বিষয়। ইয়াৰ বাবে প্ৰয়োজন হ'লে নিৰাপত্তা পৰিষদৰ আমাৰ বন্ধু সদস্যৰাষ্ট্ৰৰ সৈতে সমাধানসূত্ৰ উদ্ভাৱনৰ হকে আমি আলোচনা কৰিবলৈও সাজু। এনেপৰিপ্ৰেক্ষিততে ভাৰতীয় সময় মতে বুধবাৰে নিশা নিউয়ৰ্কত ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তাপৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ব বুলিও ৰাষ্ট্ৰীয়সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ।