মই মৰিব নিবিচাৰোঃ চিকিৎসালয়ৰ বিচনাত চটফটাই শেষবাৰৰ বাবে কৈছিল উন্নাৱৰ নিৰ্যাতিতা যুৱতীগৰাকীয়ে…

মই মৰিব নিবিচাৰোঃ চিকিৎসালয়ৰ বিচনাত চটফটাই শেষবাৰৰ বাবে কৈছিল উন্নাৱৰ নিৰ্যাতিতা যুৱতীগৰাকীয়ে…

ডিজিটেল ডেস্কঃ "মই মৰিব নিবিচাৰো। যিয়ে আজি মোৰ এনে অৱস্থা কৰিছে সিহঁতক ৰেহাই নিদিব।' -এইয়া আছিল এগৰাকী যুৱতীৰ শেষ কাতৰ আহ্বান। মৃত্যুৰ সৈতে যুঁজি হাস্পতালৰ বিচনাত যেতিয়া চটফটাই আছিল, কাষত থিয় হৈ থকা ভায়েকলৈ চাই শেষবাৰৰ বাবে কৈছিল উন্নাৱৰ সেই নিৰ্যাতিতা যুৱতীয়ে- 'মই জীয়াই থাকিব বিচাৰো।'

উন্নাৱত গণধৰ্ষণ কাণ্ডৰ অভিযুক্ত হৈয়ো লেহেমীয়া আৰু শিথিল আইনী প্ৰক্ৰিয়াৰ বাবে জামিন লাভ কৰিছিল অভিযুক্ত কেইজনে। আৰু জামিন লাভৰ পিছতে ষড়যন্ত্ৰ ৰচিছিল নিৰ্যাতিতা যুৱতীগৰাকীক হত্যাৰ। সফলো হ'ল সেই ষড়যন্ত্ৰত। বৃহস্পতিবাৰে পুৱা ধৰ্ষণ গোচৰৰ শুনানিৰ বাবে উন্নাৱৰ পৰা ৰায়বৰেলীৰ এখন আদালতলৈ ৰাওনা হৈছিল যুৱতীগৰাকী। তেওঁ বিহাৰ গাঁও অতিক্ৰম কৰাৰ পিছতে অভিযুক্তই সহযোগীৰ সৈতে মিলি তেওঁৰ ওপৰত আক্ৰমণ চলায়।

পথৰ পৰা পথাৰলৈ চোঁচৰাই নি চুৰিকাঘাত কৰাতেই ক্ষান্ত নাথাকি গাত কেৰাচিল ঢালি জ্বলাই দিয়ে যুৱতীগৰাকীক। পাষণ্ডৰ জাকটোৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা কৰি জুই লগা দেহেৰেই যুৱতীগৰাকীয়ে সহায় বিচাৰি দৌৰে যদিও কোনো এজন লোকো তেওঁক সহায় কৰিবলৈ নোলাল। জীয়াই থকাৰ অদম্য বাসনাৰ বাবে যুৱতীগৰাকীয়ে নিজেই এম্বুলেন্সলৈ ফোন কৰে।

কিন্তু এম্বুলেন্স অহালৈকে যেন বহু পলম হৈ গৈছিল! দেহৰ ৯০ শতাংশই জুইত পোৰা যোৱা যুৱতীগৰাকীক প্ৰথমে লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নিশাই এয়াৰ লিফ্টেৰে দিল্লীলৈ স্থানান্তৰিত কৰা হয় আৰু সফদৰজং হাস্পতালত ভৰ্তি কৰি ভেন্টিলেশ্যনত ৰখা হয়। যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষাৰ বাবে চিকিৎসকে অনেক চেষ্টা চলায়। তথাপি মৃত্যুক জয় কৰিব নোৱাৰিলে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে।

তেওঁৰ চকুৰ সন্মুখত বলাৎকাৰীয়ে শাস্তি লাভ কৰাৰ পূৰ্বে শুকুৰবাৰে নিশা প্ৰায় ১১.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে। চিকিৎসকে জনোৱা অনুসৰি, ১১.১০ বজাত তেওঁ হৃদৰোগত আক্ৰান্ত হয় আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈয়ে মৃত্যু ঘটে যুৱতীগৰাকীৰ। কিন্তু মৃত্যুৰ পূৰ্বে তেওঁ আৰক্ষীক দিয়া ভাষ্যত প্ৰকাশ কৰিছিল তেওঁক হত্যাৰ চেষ্টা চলোৱা অভিযুক্তৰ নাম। সেই ভাষ্য অনুসৰিয়ে আৰক্ষীয়ে ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বলাৎকাৰ মহামাৰীৰ দৰে বিয়পি পৰিছে সমগ্ৰ দেশত। দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ পিছত বলাৎকাৰৰ ঘটনা ৰোধ কৰিবলৈ বিভিন্ন আইন প্ৰণয়ন কৰা হ'ল যদিও হ্ৰাস পোৱা দেখা নগ'ল এনে ঘটনা। শেহতীয়াকৈ হায়দৰাবাদত চিকিৎসক যুৱতীক গণ ধৰ্ষণ কৰি জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ দেশ উত্তাল কৰি ৰাখিছে। হায়দৰাবাদ আৰক্ষীৰ এনকাউন্টাৰত ইতিমধ্যে ধৰ্ষণ কাণ্ডৰ ৪ অভিযুক্তৰ মৃত্যুও ঘটিছে।

আৰক্ষীৰ ৰিভলভাৰ কাঢ়ি পলাবলৈ চেষ্টা কৰা অভিযুক্তক এনকাউণ্টাৰত হত্যা কৰি বলাৎকাৰ কাণ্ডৰ 'অন দ্য স্পট' বিচাৰ কৰা প্ৰক্ৰিয়াক বিভিন্ন জনে আদৰি লৈ আনন্দ উৎসৱ পালন কৰিছে। কিন্তু তাৰ মাজতে উন্নাৱত এগৰাকী নিৰ্যাতিতা যুৱতীয়ে আদালতৈ যোৱাৰ পথত এনেদৰে হত্যাৰ বলি হোৱা ঘটনাই নিৰ্যাতিতাৰ নিৰাপত্তাৰ দিশত আৰক্ষী-প্ৰশাসন কিমান সচেতন তাক লৈও প্ৰশ্নৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in