শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ওন্নাৱ বলাৎকাৰ কাণ্ডঃ হাস্পতালতে অস্থায়ী ন্যায়ালয়ৰ ব্যৱস্থা, পীড়িত কিশোৰীৰ জবানবন্দী বন্ধ কোঠাত…

259

ডিজিটেল ডেস্কঃ ওন্নাৱ বলাৎকাৰ কাণ্ডৰ পীড়িত কিশোৰীগৰাকীৰ জবানবন্দী গ্ৰহণ। বুধবাৰে দিল্লীৰ ন্যায়ালয়ে পীড়িত কিশোৰীগৰাকীৰ চিকিৎসাধীন হৈ থকা এইমছত অস্থায়ী ৰূপে আদালত স্থাপনেৰে জবানবন্দী কৰে। এয়া ন্যায়পালিকাৰ ইতিহাসত এক ঐতিহাসিক ক্ষণ হিচাপে গণ্য কৰা হৈছে।

উল্লেখ্য যে, বিজেপিৰ নিলম্বিত বিধায়ক কুলদীপ ছেংগাৰে ২০১৭ত এই কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পীড়িত কিশোৰীগৰাকীৰ অধিবক্তাই কয় যে, জয়প্ৰকাশ নাৰায়ণ এপেক্স ট্ৰমা চেন্টাৰৰ প্ৰেক্ষাগৃহত এক বন্ধ কোঠাত জিলা ন্যায়াধীশ ধৰ্মেশ শৰ্মাৰ সন্মুখত কিশোৰীগৰাকীৰ জবানবন্দী কৰা হয়। য’ত পীড়িত কিশোৰীগৰাকীয়ে দুজন অভিযুক্তক চিনাক্ত কৰিছে। আৰু চলিত বৰ্ষৰ ২৮ জুলাইত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকী বৰ্তমানলৈ এইমছত চিকিৎসাধীন হৈ আছে।

অধিবক্তাগৰাকীয়ে লগতে কয় যে- পীড়িত কিশোৰীগৰাকীৰ জবানবন্দীৰ অৰ্ধ ভাগ হুইল চেয়াৰ আৰু বাকীখনি ষ্ট্ৰেচাৰত গ্ৰহণ কৰা হয়।এই তদন্ত পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলে। ইফালে, কিশোৰীগৰাকীৰ চিকিৎসা চলাই থকা চিকিৎসকে কয় যে, তেওঁক ন্যায়ালয়ৈ লৈ যোৱাৰ অনুমতি প্ৰদান কৰিব নোৱাৰি। 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি