হঠাৎ খহি পৰিল বিশ্ববিদ্যলয়ৰ ৪ মহলীয়া অট্টালিকা…

হঠাৎ খহি পৰিল বিশ্ববিদ্যলয়ৰ ৪ মহলীয়া অট্টালিকা…

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ চেইন্ট পিটাৰ্চবাৰ্গত শনিবাৰে এখন বিশ্ববিদ্যালয়ৰ এটা ৪ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত ধ্বংস্তূপৰ মাজত কমেও ২০ জনকৈ লোক আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যোৱা দুদিন ধৰি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য চলি আছিল। শনিবাৰে শ্ৰমিকসকলে বিশ্ববিদ্যালয়ৰ অট্টালিকা গৃহটো মেৰামতি কৰি থকাৰ সময়তে তাচপাতৰ ঘৰৰ দৰে হুৰমূৰকৈ খহি পৰে ৪ মহলীয়া অট্টালিকাটো।

ইফালে এই ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ ৮৫ জন লোকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশা পৰ্যন্ত ধ্বংসস্তূপৰ মাজত ২০জনতকৈও অধিক লোক এতিয়াও আবদ্ধ হৈ থকা বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী বাহিনীয়ে। যাৰ ফলত দুৰ্ঘটনাটোত প্ৰাণ হানিৰ আশংকাও ব্যক্ত কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in