‘ইউনিটি উই দ্যা ব্লাড ড’নাৰচ গ্ৰুপ’ ৰ প্ৰশংসনীয় পদক্ষেপঃ ৰক্তদানেৰে শত সহস্ৰ জনক দিছে জীয়াই থকাৰ প্ৰেৰণা

‘ইউনিটি উই দ্যা ব্লাড ড’নাৰচ গ্ৰুপ’ ৰ প্ৰশংসনীয় পদক্ষেপঃ ৰক্তদানেৰে শত সহস্ৰ জনক দিছে জীয়াই থকাৰ প্ৰেৰণা

ডিজিটেল সংবাদ, মঙলদৈ এটোপাল ৰক্তৰ অভাৱত দৰং তথা দাঁতিকাষৰীয়া জিলাৰ কোনো ৰোগীৰ যাতে মৃত্যুক সাবতিব লগা নহয় তাৰবাবে দৰং আৰু ওদালগুৰিৰ জিলাৰ এচাম যুৱ প্ৰজন্ম ওলাই আহিছে ৰক্তদান কৰিবলৈ। এই যুৱক-যুৱতী সকলে ২০১৯ চনৰ ১২ মে'ত একত্ৰিত হৈ গঠন কৰে 'ইউনিটি উই দ্যা ব্লাড ড'নাৰচ' নামৰ এটা গোট।

৫ শতাধিক যুৱক-যুৱতী সংযুক্ত হৈ থকা এই গোটটোৱে ইতিমধ্যে শত সহস্ৰ জনক স্বেচ্ছাই ৰক্তদান কৰি মৃত্যুমুখী ৰোগীক দি আহিছে জীয়াই থকাৰ প্ৰেৰণা। নিজৰ জন্মদিন, বিবাহ বাৰ্ষিকী আনকি পিতৃ মাতৃৰ জন্মদিন, সন্তানৰ জন্মদিন আদি উপলক্ষে ৰক্তদান কৰি এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে আগবাঢ়িছে এই সকল যুৱক যুৱতী। এনে চিন্তা ধাৰাৰে বুধবাৰে সন্ধিয়া মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত ৰক্তদান কৰিলে আঠ জনকৈ মানৱতাৰ পূজাৰীয়ে।

স্বাধীনতা সংগ্ৰামী, দৰং জিলাৰ প্ৰথম সাংবাদিক মুক্তিযোদ্ধা পানীৰাম দাসৰ ১০৪ সংখ্যক জন্মদিনত পুত্ৰ, জ্যেষ্ঠ সাংবাদিক ভাৰ্গব কুমাৰ দাসে কৰিলে ৰক্তদান। ১৯৮৯ চনৰ পৰাই ৰক্তদান কৰি অহা ভাৰ্গৱ কুমাৰ দাসে কয় যে, আমাৰ যিমান ৰোগীৰ ৰক্তৰ প্ৰয়োজন সেই অনুপাতে ৰক্তদাতা ওলাই নহাত বহু ৰোগী অকালতে মৃত্যু মুখত পৰে। ৰোগীৰ পৰিয়ালেই ৰক্তদান কৰিবলৈ অনীহা কৰাটো দুৰ্ভাগ্যজনক। পিতৃৰ সোঁৱৰণত ৰক্তদান কৰি খুবেই সুখী অনুভৱ কৰা বুলি তেওঁ ব্যক্ত কৰে।

উল্লেখ্য যে, সাংবাদিক ভাৰ্গৱ কুমাৰ দাসৰ উপৰিও চপাইৰ ধ্ৰুৱজ্যোতি বৰা, পিপৰা দোকানৰ নব ডেকা, মঙলদৈৰ ভাস্কৰ গোস্বামী, টংলাৰ কন্দৰ্প ডেকা, প্ৰশান্ত কুমাৰ বড়ো, মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ বিষয় শিক্ষক হিৰণ্য কুমাৰ নাথ, ডাঁহীৰ প্ৰাঞ্জল বৰুৱাই 'ইউনিটি উই দ্যা ব্লাড ড'নাৰচ গ্ৰুপ'ৰ হৈ কেইবাজনো ৰোগীৰ বাবে ৰক্তদান কৰে।

এই কাৰ্যসূচীত বিশিষ্ট ৰক্তদাতা ক্ৰমে- অধ্যাপক হৰিমন ডেকা, সমাজকৰ্মী শেখৰ মজুমদাৰ, সাংবাদিক গণেশ দত্ত, শিক্ষক কংকন কুমাৰ গোস্বামী, সমাজকৰ্মী ৰাতুল ডেকা, 'ইউনিটি উই দ্যা ব্লাড ড'নাৰচ গ্ৰুপ'ৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি চিণ্টু চক্ৰৱৰ্তী আদিয়ে সহযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in