কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সাংসদ পুঁজি কেলেংকাৰীঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সাংসদ পুঁজি কেলেংকাৰীঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ সাংসদ পুঁজিৰ কেলেংকাৰীৰ এক গোচৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। বৃহস্পতিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে আঁচনিসমূহ ৰূপায়নৰ বাবে সংস্থাসমূহক দিয়া ধন ঘূৰাই আনিবলৈ নিৰ্দেশ জাৰি কৰে।

অৱশ্যে কিছুদিন পূৰ্বেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সাংসদ পুঁজিত সংঘটিত কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছত সেই ধন দিয়া সংস্থাসমূহৰ পৰা পুনৰ ধন ঘূৰাই অনাৰ নিৰ্দেশ জাৰি কৰা হৈছিল। কেগৰ সমীক্ষাত এই কথা জানিব পৰা পিছত গুজৰাটৰ এগৰাকী কংগ্ৰেছ বিধায়কে এই সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

কাৰ্যবাহী মুখ্য ন্যায়াধীশ এ এছ দেৱ আৰু বীৰেন বৈষ্ণৱ বিচাৰপীঠত বিষয়টোৰ সন্দৰ্ভত চৰকাৰে বৰ্তমানলৈ কৰা তদন্তৰ ফাইল বিচাৰে। গুজৰাট কংগ্ৰেছ অধ্যক্ষ অংকলাৱ বিধান সভা সমষ্টিৰ বিধায়ক অমিত ছাৱডাই ২০১৭ৰ জুলাইত স্মৃতি ইৰাণীৰ বিৰুদ্ধে এক পি আই এল জাৰি কৰিছিল।

য'ত অভিযোগ উত্থাপন কৰা হৈছিল যে- ৰাজ্যসভাৰ সাংসদ পুঁজিৰ ধন অপব্যয় কৰা হৈছে। আঁচনি ৰূপায়নৰ বাবে ধন দিয়া সংস্থাসমূহে কেলেংকাৰী সংঘটিত কৰিছে এই সন্দৰ্ভত। আৰু ইয়াৰ পাছতেই ন্যায়ালয়ে সেই ধন ঘূৰাই অনাৰ বাবে নিৰ্দেশ জাৰি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in