কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকৰ বাহন দুৰ্ঘটনাগ্ৰস্থ,পত্নী আৰু ব্যক্তিগত সচিবৰ মৃত্যু…

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকৰ বাহন দুৰ্ঘটনাগ্ৰস্থ,পত্নী আৰু ব্যক্তিগত সচিবৰ মৃত্যু…

ডিজিটেল ডেস্ক : কৰ্ণাটকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইক দুৰ্ঘটনাগ্ৰস্থ হয় । দুৰ্ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ পত্নীৰ লগতে তেওঁৰ ব্যক্তিগত সচিব দীপকও দুৰ্ঘটনাত নিহত হয়। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বৰ্তমান গোৱা মেডিকেল কলেজ আৰু হস্পিটেলত চিকিৎসা কৰি থকা হৈছে । মন্ত্ৰী গৰাকী বৰ্তমান সংকটমুক্ত বুলি জানিব দিছে চিকিৎসকে । ৬৮ বছৰীয়া কেন্দ্ৰীয় মন্ত্ৰী গৰাকী উত্তৰ গোৱাৰ বিজেপিৰ এগৰাকী সাংসদ । দুৰ্ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বগা টয়োটা বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সৈতে ফোন যোগে কথা পাতি নায়কৰ চিকিৎসাৰ বুজ লয়।আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গোৱাৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি নাইকক সম্ভৱ চিকিৎসা প্ৰদান কৰিবলৈ কোৱাৰ লগতে প্ৰয়োজন হ'লে তেওঁক দিল্লীলৈ অনা হ'ব বুলি ব্যক্ত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in