শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

অসমক অৰ্থনৈতিক দিশত আগুৱাই নিবলৈ জল পথক অধিক সম্ভাৱনাময় কৰাৰ প্ৰয়াস কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ দিশত জল পথক অধিক সম্ভাৱনাময় কৰি তোলাৰ প্ৰয়াস কেন্দ্ৰীয় বন্দৰ, জাহাজ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সামগ্ৰী ৰপ্তানি বা আমদানিৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলে পূৰ্বে ৰে’ল পথ বা বায়ু পথ ব্যৱহাৰ কৰিছিল, য’ত অধিক ধন আৰু সময় দুয়োটাৰে ব্যয় হৈছিল। গতিকে পৰিবহন ব্যৱস্থাটোক অধিক ত্বৰান্বিত কৰাৰ বাবে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অব্যাহত ৰাখিছে তৎপৰতা।

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে এক ঘোষণা কৰি কয়- ‘গুৱাহাটীৰ পাণ্ডুত হ’ব জাহাজ মেৰামতিৰ কাম৷ পাণ্ডুত এই কাম হ’লে জাহাজ আৰু বন্দৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল লাভান্বিত হ’ব৷ কাৰণ এখন জাহাজ বেয়া হ’লে মেৰামতিৰ বাবে নিবলগীয়া হৈছিল কলকাতালৈ ৷ আৰু জাহাজখন মেৰামতি কৰি ঘূৰি আহোতে ৬ মাহতকৈও অধিক সময় লাগিছিল। মানুহবোৰৰ হতাশ হৈ পৰিছিল৷ কিন্তু এতিয়া সেই হতাশা দূৰ হ’ব৷’