সংবিধানৰ ৩৭০ ধাৰা বাতিলকৰণক লৈ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সাহিত্যিকসকলৰ সৈতে মতবিনিময়…

সংবিধানৰ ৩৭০ ধাৰা বাতিলকৰণক লৈ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সাহিত্যিকসকলৰ সৈতে মতবিনিময়…

ডিজিটেল সংবাদ, গুৱাহাটী: কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ ধাৰা বাতিলকৰণৰ বলিষ্ঠ আৰু ঐতিহাসিক সিদ্ধান্ত লোৱাৰ পিছৰেপৰা এইধৰণৰ আলোচনা কৰাৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ সন্মানীয় বুদ্ধিজীৱি, সাহিত্যিকৰ লগতে সাংবাদিকৰ সৈতে বিজেপিয়ে মত বিনিময় কাৰ্যসূচী হাতত লয়।

এই সম্পৰ্ক অভিযান কাৰ্য্যসূচীৰ অংশগ্ৰহণৰ উদ্দেশ্য দেওবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয়মন্ত্ৰী কিৰেণ ৰিজিজু। কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে পুৱা ৯:৩০ বজাতে বিশিষ্ট চিকিৎসক ডা: ইলিয়াছ আলীৰ মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীৰ বাসগৃহত গৈ ৩৭০ ধাৰা সম্পৰ্কে মত-বিনিময়ত অংশ গ্ৰহণ কৰে।

তাৰপিছতে নাইটিংগেল হস্পিতালৰ সমীপত ১০ বজাত উপস্থিত হৈ ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক লক্ষ্মীনন্দন বৰাৰ সৈতে অনুচ্ছেদ বাতিলকৰণ সম্পৰ্কত মতামতৰ লগতে স্বাস্থ্যৰ বিষয়ে বুজ লয়।

ইয়াৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ১১ বজাত যশস্বী খেলুৱৈ গিলৰ্বাটচন চাংমাৰ দশম অসম আৰক্ষীৰ বেটেলিয়নৰ কাহিলীপাৰাৰ বাসগৃহত গৈ উপস্থিত হৈ মত বিনিময় কৰে। আনহাতে এই সম্পৰ্ক অভিযানত কেন্দ্ৰীয়মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ নেতা কৰ্মীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in